ETV Bharat / bharat

Sanjay Raut to 14 day judicial: সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : Aug 8, 2022, 3:39 PM IST

ই ডিৰ জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছতেই মুম্বাইৰ বিশেষ পি এম এল এ ন্যায়াধীশ এম জি দেশপাণ্ডেয়ে শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক (MP Sanjay Raut to 14 day judicial) ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

Money laundering case
সঞ্জয় ৰাউতক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

নেশ্যনেল ডেস্ক, 8 আগষ্ট: ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক (MP Sanjay Raut to 14 day judicial) আটক কৰাৰ পিছতেই ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ যোৱা 31 জুলাইত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে আটক কৰিছিল সঞ্জয় ৰাওটক (ED detained Sanjay Raut)৷

মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু লেনদেনৰ অনিয়মৰ অভিযোগত শিৱসেনাৰ নেতাগৰাকীৰ ঘৰত ইডিৰ এটা দলে অভিযান চলাইছিল ৷ সোমবাৰে মুম্বাইৰ এখন বিশেষ আদালতে আটকাধীন সাংসদগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ আদালতে ৰাউটৰ বাবে ঘৰুৱা খাদ্য আৰু ঔষধৰ আবেদনৰ অনুমতি প্ৰদান কৰে ৷ ইয়াৰোপৰি ৰাউটে শুবৰ বাবে বিচনাৰ ব্যৱস্থা কৰিবলৈ আবেদন জনাইছিল ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ আদালতে বিচনাৰ বাবে অনুমতি প্ৰদান কৰা নাই ৷

সোমবাৰে ৰাউটৰ ই ডিৰ জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছতেই মুম্বাইৰ বিশেষ পি এম এল এ ন্যায়াধীশ এম জি দেশপাণ্ডেৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল ৷ উল্লেখ্য যে, 1,034 কোটি টকা ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা মানি লণ্ডাৰিং গোচৰত সঞ্জয় ৰাউটৰ বিৰুদ্ধে তদন্ত চলি আছে (Patra Chawl land scam case) । এই গোচৰটোৰ তেওঁ মূল অভিযুক্ত ।

ৰাউটক মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু তেওঁৰ পত্নী আৰু সহযোগীৰ সৈতে জড়িত লেনদেনৰ অনিয়মৰ অভিযোগত ধন ৰপ্তানিৰ গোচৰত সোধা পোচাৰ বাবে ইডিয়ে আটক কৰিছিল ৷

লগতে পঢ়ক: ED detained Sanjay Raut: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক আটক ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.