ETV Bharat / bharat

পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰিলে মুম্বাইৰ আদালতে

author img

By

Published : Jan 20, 2021, 8:09 PM IST

ব্ৰডকাষ্ট অ'ডিয়েন্স ৰিছাৰ্চ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰিলে মুম্বাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে । বিগত বৰ্ষত টেলিভিছন ৰেটিং পইণ্ট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দাসগুপ্তা ।

পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰিলে মুম্বাইৰ আদালতে
পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰিলে মুম্বাইৰ আদালতে

নেশ্যনেল ডেস্ক, ২০জানুৱাৰী: বুধবাৰে মুম্বাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে টেলিভিছন ৰেটিং পইণ্ট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰে । যোৱা ১১ জানুৱাৰীত মুম্বাইৰ অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশৰ আদালতত ব্ৰডকাষ্ট অ'ডিয়েন্স ৰিছাৰ্চ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া দাসগুপ্তা, ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বিকাশ খানচন্দানী আৰু ব্ৰডকাষ্ট অ'ডিয়েন্স ৰিছাৰ্চ কাউন্সিলৰ প্ৰাক্তন মুখ্য় অপাৰেটিং বিষয়া ৰ'মিল ৰামঘৰীয়াৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰা হৈছিল ।

টেলিভিছন ৰেটিং পইণ্ট কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল আটাইকেইজনৰ বিৰুদ্ধে । যোৱা ৪ জানুৱাৰীত মুম্বাইৰ এছপ্লেনেড আদালতে বিগত বৰ্ষৰ ২৪ ডিচেম্বৰত টেলিভিছন ৰেটিং পইণ্ট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পাৰ্থ দাসগুপ্তাৰ জামিন আবেদন নাকচ কৰিছিল । বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত দাসগুপ্তাক এছপ্লেনেড আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । পিছত তেওঁৰ জামিন মঞ্জুৰ হৈছিল । ৰিপাব্লিক টিভিত কৰ্মৰত আন দুগৰাকী লোককো একেটা গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক:পুনৰ আগ্ৰালৈ স্থানান্তৰ কৰা হ'ব জম্মু-কাশ্মীৰৰ কয়দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.