নিউজ ডেস্ক, 11 জুন: মোহভংগ হ'ল মুকুল ৰয়ৰ ৷ ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ মোহ ত্যাগ কৰি পুত্ৰৰ সৈতে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছলৈ ওভতি আহিল মুকুল ৰয় ৷ শুকুৰবাৰে ৰয়ে কলকাতাৰ তৃণমূল কংগ্ৰেছ ভৱনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত পুনৰ তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ মুকুল ৰয়ৰ সৈতে তেওঁৰ পুত্ৰ শুভ্ৰাংশু ৰয়েও তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷
বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনেও বিজেপিত থাকিব নিবিছাৰে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ৰয়ে কয় যে, "আজি মই তৃণমূল কংগ্ৰেছত যোগদান কৰিলো ৷ বৰ্তমান যি পৰিস্থিতি , তেনেক্ষেত্ৰত কোনেও ভাৰতীয় জনতা পাৰ্টীত নাথাকে ৷ " দলত পুনৰ যোগদানৰ পাচতে ৰয়ে এইবুলিও কয় যে, বিজেপিৰ পৰা ওলাই আহি পুনৰ চিনাকী মুখবোৰ দেখি তেওঁ যথেষ্ট ভাল অনুভৱ কৰিছে ৷
লগতে পঢ়ক: বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ
উল্লেখ্য যে, শুকুৰবাৰে আগবেলা মুকুল ৰয় তেওঁৰ পুত্ৰৰ সৈতে তৃণমূল ভৱনত উপস্থিত হৈছিল আৰু দলত পুনৰ যোগদান কৰাৰ পূৰ্বে তেওঁ তৃণমূল কংগ্ৰেছৰ মুখ্য নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, সাংসদ অভিষেক বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ অন্য শীৰ্ষ নেতাসকলৰ সৈতে সৈতে এক বৈঠকত মিলিত হৈছিল ৷
ৰয়ক দললৈ পুনৰ আদৰণি জনাই দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, ৰয়ে দলত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ বেনাৰ্জীয়ে আনকি এইবুলিও অভিযোগ উত্থাপন কৰে যে, বিজেপিত মুকুল ৰয়ক যথেষ্ট ভাবুকি দিয়া হৈছিল, যিয়ে তেওঁৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছিল ৷ ৰয়ৰ দলত পুনৰ যোগদান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বেনাৰ্জীয়ে কয় যে, মুকুল ৰয় পুনৰ তেওঁৰ শিপালৈ ওভতি আহিছে ৷ ৰয়ক যদিও বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ পদ আগবঢ়োৱা হৈছিল তথাপি তেওঁ নিজৰ কামক লৈ সুখী নাছিল বুলি মন্তব্য কৰি বেনাৰ্জীয়ে লগতে এইবুলিও কয় যে, তৃণমূল কংগ্ৰেছত পূৰ্বতে মুকুল ৰয় যি পদত আছিল তেওঁক পুনৰ সেই পদবীয়ে আগবঢ়োৱা হ'ব ৷
লগতে পঢ়ক: অমিত শ্বাহ(Amit Shah)ক সাক্ষাৎ শুভেন্দু অধিকাৰীৰ
পশ্চিমবংগ বিধানসভা নিৰ্বাচনত 213 খনকৈ আসন লাভ কৰি তৃণমূল কংগ্ৰেছে বিজয় সাব্যস্ত কৰাৰ পাচতে ৰয়ৰ এই ওভতনিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ ৰয়ে বিজেপিৰ হৈ উত্তৰ কৃষ্ণনগৰৰ আসন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও নিৰ্বাচনত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হোৱাৰ পাচতে দলৰ পৰা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছিল ৷ অৱশেষত ৰাজনৈতিক মহলত চলি থকা নানান চৰ্চাৰ অৱসান ঘটাই শুকুৰবাৰে ৰয়ে পুত্ৰৰ সৈতে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছে দাবী কৰিছিল যে, দল ত্যাগ কৰি বিজেপিলৈ যোৱা প্ৰায় 30 গৰাকীৰো অধিক বিধায়ক আৰু সাংসদে পুনৰ তৃণমূল কংগ্ৰেছলৈ ওভতি আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ দললৈ ওভতিব খোজা বিধায়ক আৰু সাংসদৰ তালিকাত তৃণমূলৰ প্ৰাক্তন বিধায়ক দিপেন্দু বিশ্বাস আৰু সোণালী গুহৰ নামো আছে বুলি জানিব পৰা গৈছে
লগতে পঢ়ক: এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী