নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: সোমবাৰে বহুজন সমাজবাদী পাৰ্টি (বিএছপি)ৰ বিধায়ক তথা এসময়ৰ মাফিয়া ডন মুখতাৰ আনছাৰী পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ আদালতত হাজিৰ হ'ব । বান্দা কাৰাৰগাৰত কাৰাবন্দী মুখতাৰ আনছাৰীক দুটা গোচৰ সন্দৰ্ভত পাঞ্জাৱৰ মোহালি আদালত আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আদালতত হাজিৰ কৰোৱা হ'ব । মোহালি আদালতত ধন দাবী সংক্ৰান্তীয় ২১ বছৰ পুৰণি এটা গোচৰৰ শুনানি হ'ব । যোৱা ৭ এপ্ৰিলত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আনছাৰীক বান্দা কাৰাগাৰৰ পৰা লক্ষ্ণৌলৈ লৈ আনিছিল । দুবছৰতকৈও অধিক কাল পাঞ্জাৱ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাইছিল আনছাৰীয়ে ।
২০০৫ চনৰ অক্টোবৰৰ পৰা কাৰাবন্দী হৈ থকা আনচাৰী ২০১৯ চনৰ জানুৱাৰী মাহত এক ধন দাবীৰ গোচৰত পাঞ্জাৱৰ ৰূপনগৰ কাৰাগাৰত পুনৰ কাৰাবন্দী হৈছিল । পৰৱৰ্তী সময়ত আনচাৰীক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বুধবাৰে বান্দা কাৰাগাৰলৈ ঘূৰাই অনা হয় । বিএছপি বিধায়কজনৰ বিৰুদ্ধে ৰাজ্যখনৰ লগতে আন কেইবাটাও ঠাইত ৫২ টা গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰে ভিতৰত ১৫ টা গোচৰ বিচাৰ পৰ্যায়ত আছে । উল্লেখ্য যে, ৰাজ্যখনৰ মৌ সমষ্টিৰ পৰা মুখতাৰ আনছাৰীয়ে প্ৰতিনিধিত্ব কৰি আহিছে । মন কৰিবলগীয়া যে, তেওঁ ২০০৭, ২০১২ আৰু ২০১৭ চনত কাৰাগাৰৰ পৰাই নিৰ্বাচনত জয়ী হৈছিল ।
লগতে পঢ়ক: ত্ৰিপুৰাৰ ৰাজনৈতিক হিংসাৰ বাবে বাওঁপন্থীক জগৰীয়া কৰিলে বিজেপিয়ে