নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰৰ পৰা জনতাৰ বাবে মুকলি কৰা হৈছে মোগল গাৰ্ডেন । নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰিসৰৰ ভিতৰত থকা ১৫ একৰ ভূমিত অৱস্থিত এই মোগল গাৰ্ডেন ৷ ৰাষ্ট্ৰপতি ভৱনৰ বিবৃতি অনুসৰি, ১৩ ফেব্ৰুৱাৰীৰ পৰা ২১ মাৰ্চলৈ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মোগল গাৰ্ডেনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব জন সাধাৰণে । সোমবাৰে মোগল গাৰ্ডেন চোৱা-চিতাৰ বাবে বন্ধ ৰখা হ'ব ।
ৰাষ্ট্ৰপতিৰ উপ প্ৰেছ সচিব কৃতি তিৱাৰীয়ে জনায় যে,ইয়াত সাধাৰণ জনতাৰ বাবে খোৱা পানীৰ ব্যৱস্থা, শৌচাগাৰ আৰু প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । গাৰ্ডেনখন পৰিভ্ৰমণ কৰিবলৈ অনলাইনযোগে টিকট বুকিং কৰিব লাগিব । পূৰ্বৰ দৰে ৱাক-ইন এণ্ট্ৰী স্থগিত ৰখা হৈছে । অতিমাৰীৰ ফলতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সম্পূৰ্ণ COVID-১৯ প্ৰটকলৰ মাজেৰে গাৰ্ডেনখন খোলা হ'ব । অনলাইন বুকিঙৰ সুবিধা ৭ ঘণ্টাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । প্ৰতিবাৰতে ১০০ গৰাকী যাত্ৰীয়ে প্ৰৱেশ কৰিব পাৰিব ৷ ইয়াৰোপৰি একেলগে ৫ জনকৈ লোক সমবেত হ'ব নোৱাৰিব বুলিও জনায় তিৱাৰীয়ে ।
লগতে পঢ়ক: ওড়িশাত পৰ্যটন ক্ষেত্ৰ বৃদ্ধিৰ বাবে চৰকাৰৰ তৎপৰতা