ETV Bharat / bharat

সাংসদ প্ৰজ্ঞা ঠাকুৰক এইমছত ভৰ্তি

author img

By

Published : Dec 20, 2020, 4:59 PM IST

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সাধ্বী প্ৰজ্ঞাৰ স্বাস্থ্যৰ অৱনতি ঘটাত শুকুৰবাৰে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷ সাংসদগৰাকীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে যদিও শ্বাস-প্ৰশ্বাসত পোৱা কষ্টৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ যাৰ বাবে সাংসদগৰাকীয়ে শনিবাৰে মুম্বাইৰ নিয়াৰ বিশেষ আদালতত উপস্থিত হ’ব নোৱাৰিলে ৷

স্বাস্থ্যৰ অৱনতি ঘটাত শুকুৰবাৰে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷
সাংসদগৰাকীৰ কৰ’ণা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে যদিও শ্বাস-প্ৰশ্বাসত পোৱা কষ্টৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ভূপাল,২০ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সাধ্বী প্ৰজ্ঞাৰ স্বাস্থ্যৰ অৱনতি ঘটাত শুকুৰবাৰে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় ৷ সাংসদগৰাকীৰ শুকুৰবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷ সাধ্বী প্ৰজ্ঞাৰ কৰ’ণা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে যদিও শ্বাস-প্ৰশ্বাসত পোৱা কষ্টৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে সাংসদগৰাকী ৷ যাৰ বাবে সাংসদগৰাকীয়ে শনিবাৰে মুম্বাইৰ নিয়াৰ বিশেষ আদালতত উপস্থিত হ’ব নোৱাৰিলে ৷

সাধ্বী ভূপালৰ চেহোৰ লোকসভা সমষ্টিৰ বিজেপিৰ এগৰাকী সাংসদ ৷ সাংসদগৰাকী ২০০৮ চনৰ মালেগাঁও বিষ্ফোৰণৰ পিছতে চৰ্চালৈ আহে ৷ এই কাণ্ডত জড়িত থকাৰ অপৰাধত সাংসদগৰাকীক কৰায়ত্ত কৰা হৈছিল আৰু সাধ্বীৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছিল ৷ এই গোচৰৰে শনিবাৰে শুনানি আছিল ৷ এই শুনানিত আদালতে প্ৰজ্ঞা সহিতে অন্য অভিযুক্তসকলক আদালতত উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷

এই মাহৰে প্ৰথমভাগত আদালতে অভিযুক্তসকলক আদালতত উপস্থিত থকাৰ নিৰ্দেশ দিছিল যদিও আদালতৰ নিৰ্দেশ পালন নকৰিলে অভিযুক্তসকলে ৷ পৰৱৰ্তী সময়ত শনিবাৰে পুনৰ আদালতেে এই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰে যদিও পূৰ্বৰ ঘটনাৰ পুনৰাবৃত্তি ঘটে ৷

প্ৰজ্ঞা ঠাকুৰক সম্প্ৰতি এইমছৰ জ্যেষ্ঠ চিকিৎসকসকলৰ তত্ত্বাৱধানত ব্যক্তিগত কক্ষত ৰখা হৈছে ৷ চিকিৎসকে প্ৰকাশ কৰা মতে, ঠাকুৰৰ উচ্চ ৰক্তচাপ বৃদ্ধি পাইছে ৷ ঔষধ প্ৰদানৰ অন্তত সম্প্ৰতি ঠাকুৰৰ স্বাস্থ্য যথেষ্ট পৰিমাণে সুস্থিৰ হৈছে ৷

লগতে পঢ়ক : 21ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক’লে লুৰীণ জ্যোতি গগৈয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.