ETV Bharat / bharat

সংকটকালত ভাৰতীয় বায়ু সেনাৰ যুগান্তকাৰী পদক্ষেপ - ভাৰতীয় বায়ু সেনাই আগবাঢ়ি আহিছে

কৰ'ণাৰ দ্বিতীয় ঢৌৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই আগবাঢ়ি আহিছে । শুকুৰবাৰে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখনে ইন্দোৰ বিমানবন্দৰত উপস্থিত হয় । সন্ধিয়া ৭.৩০ বজাত বিমানখনে এখন খালী অক্সিজেন টেংকাৰ লৈ জামনগৰলৈ উৰা মাৰে ।

অতিমাৰী সংকটকালত ভাৰতীয় বায়ু সেনাৰ যুগান্তকাৰী পদক্ষেপ

author img

By

Published : Apr 24, 2021, 11:53 AM IST

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: মহামাৰী কৰ'ণাৰ দ্বিতীয় ঢৌত সৰ্বস্বান্ত দেশ । চৌদিশে হাহাকাৰময় পৰিৱেশ । কোনো কোনো ঠাইত হাস্পাতালত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, আনকি চিতা জ্বলিবলৈও ঠাইৰ অভাৱ হোৱা দেখা গৈছে । কৰ'ণাৰ দ্বিতীয় ঢৌত বাৰুকৈয়ে অক্সিজেনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । হাজাৰ হাজাৰ কৰ'ণা ৰোগী অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱাবলগীয়া হৈছে । অৱশেষত হাজাৰ হাজাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতীয় বায়ু সেনা ।

ভাৰতীয় বায়ু সেনাই মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত হাহাকাৰ কৰি ফুৰা হাজাৰ হাজাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে । শুকুৰবাৰে ভাৰতীয় বায়ু সেনাৰ চি-১৭ এখন বিমানে ইন্দোৰৰ পৰা গুজৰাটৰ জামনগৰলৈ অক্সিজেন যোগান ধৰিবলৈ খালী অক্সিজেন টেংকাৰ কঢ়িয়াই লৈ যায় । এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে । টেংকাৰখনত ৩০ মেট্ৰিক টন অক্সিজেন ভৰ্তি কৰাৰ পাচত পুনৰ ইন্দোৰলৈ বায়ু সেনাৰ চি-১৭ এখন বিমানখন ঘূৰি আহিব ।

এই অভিযানটোৰ তদাৰকী জিলা বিষয়া ৰোহন চেক্সেনাই কয় যে এখন অক্সিজেন টেংকাৰ জামনগৰৰ পৰা ইন্দোৰলৈ যাবৰ বাবে ২০ ঘণ্টা সময় লাগে । আনহাতে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখনে এঘণ্টাৰ ভিতৰত লক্ষ্যস্থানত উপস্থিত হ'ব । এই সমগ্ৰ প্ৰক্ৰিয়াটোত ১২ ঘণ্টালৈকে ৰাহি হ'ব বুলিও কয় বিষয়াগৰাকীয়ে ।

ৰাজ্যখনত অক্সিজেনৰ আগতীয়াকৈ যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাৰতীয় বায়ু সেনাৰ পৰা সহায় বিচাৰিছিল । পাচত কেন্দ্ৰৰ পৰা অনুমতি লাভ কৰাৰ পিছত মধ্য প্ৰদেশ চৰকাৰে বায়ু সেনা মোতায়েন কৰে । ইফালে, অক্সিজেনৰ অভাৱৰ উপৰিও ৰেমডেচিভিৰ এক বৃহৎ পৰিমাণৰ বেজী আৰু ভাইল লাভ কৰে । ইন্দোৰত ৬৯ টা ৰেমডেচিভিৰ বেজী আৰু ২৪ ভাইল এণ্টিভাইৰেল ঔষধ লাভ কৰে ।

ইয়াৰোপৰি, ইন্দোৰ চিকিৎসা মহাবিদ্যালয়ক ২৫ টা বাকচ আৰু ২৫ টা ভাইল ৰেমডেচিভিৰ বেজী, খাণ্ডৱা চিকিৎসা মহাবিদ্যালয় ৭ টা বাকচ আৰু ইন্দোৰ স্বাস্থ্য বিভাগক ৩৭ টা বাকচ দিয়া হয় । ভূপাল, গোৱালিয়ৰ, সাগৰ, উজ্জইন, ৰেৱা আৰু জবলপুৰৰ দৰে চহৰসমূহেও বায়ু সেনাৰ জৰিয়তে ৰেমডেচিভিৰ বেজী আৰু ভাইল লাভ কৰে । উল্লেখ্য যে, মধ্য প্ৰদেশত শুকুৰবাৰে ১৩,৫৯০ জন লোক মহামাৰীৰ কবলত পৰিছে । বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে ১,২০৬ তকৈও অধিক লোক মহামাৰীৰ কবলত পৰে ।

লগতে পঢ়ক: ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ চাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.