ETV Bharat / bharat

প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ ফেচবুক একাউন্ট হেক - কমল নাথৰ ফেচবুক একাউণ্ট

Kamal Nath Facebook Hacked: হেকাৰৰ কৱলত পৰিছে কংগ্ৰেছ নেতা কমল নাথৰ ফেচবুক একাউন্ট ৷ আনকি হেকাৰে কংগ্ৰেছ নেতাগৰাকীৰ একাউন্টৰ পৰা কেবাটাও ভিডিঅ’ পোষ্ট কৰিছে ৷ হেকাৰৰ কৱলৰ পৰা একাউণ্টটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ।

Former CM Kamal Nath Facebook page hacked
হেক হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ ফেচবুক একাউণ্ট
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:36 AM IST

নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ : হেক হৈছে মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ ফেচবুক একাউণ্ট ৷ কেৱল এয়াই নহয়, কমল নাথৰ ফেচবুক একাউণ্টৰ পৰা হেকাৰে বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে । বৰ্তমান কংগ্ৰেছে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই বিষয়টোৰ পিচতে কংগ্ৰেছ কৰ্মীৰ মাজত এক আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

কংগ্ৰেছে উল্লেখ কৰা মতে, বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ ফেচবুক একাউণ্ট হেক কৰা হৈছে । তাৰ পাচত তেওঁৰ একাউণ্টৰ জৰিয়তে হেকাৰে অপ্রাসংগিক কন্টেন্ট পোষ্ট কৰিছে ৷ বাতৰি যুগুত কৰা পৰলৈকে একাউণ্টটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ।

কমল নাথৰ ফেচবুক একাউণ্ট হেক :

২০২৩ চনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিচত দলটোৰ মাজত পৰ্যালোচনা বৈঠক চলি আছে । শেহতীয়াকৈ কমল নাথে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱক অভিনন্দনো জ্ঞাপন কৰে ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এক অন্য ঘটনা ৷ তথ্য অনুসৰি, হেকাৰৰ কৱলত পৰিছে কমল নাথৰ ফেচবুক একাউণ্ট । অৱশ্যে হেকাৰৰ কৱলৰ পৰা একাউণ্টটো উদ্ধাৰৰ বাবে কংগ্ৰেছে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

হেক হোৱাৰ পূৰ্বে কমল নাথে পোষ্ট কৰিছিল :

সঞ্জয় গান্ধীৰ জন্ম বাৰ্ষিকী সন্দৰ্ভত শেষৰটো পোষ্টটো দিছিল কমল নাথে । ইয়াত তেওঁ লিখিছিল, "ভাৰতীয় ৰাজনীতিত যুৱক-যুৱতীসকলক অভূতপূৰ্ব স্থান দিয়া প্ৰয়াত সঞ্জয় গান্ধীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত লাখ লাখ প্ৰণাম । তেওঁৰ দৃষ্টিভংগী আৰু পৰিকল্পিত উন্নয়নে এখন নতুন ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তেওঁৰ সৈতে কাম কৰিবলৈ মই যি সুযোগ পালোঁ সেয়া সদায় অবিস্মৰণীয় হৈ থাকিব’’ ।

হেক হোৱাৰ পিচত কমল নাথৰ একাউণ্টৰ পৰা কৰা পোষ্ট :

কমল নাথৰ ফেচবুক একাউণ্টত হেকাৰে ৪ টা ভিডিঅ' শ্বেয়াৰ কৰিছে ৷ ইয়াৰে এটা হৈছে এটা প্ৰেংক ভিডিঅ', যাৰ নাম হৈছে "প্ৰেংক উইথ পাৰ্টনাৰ" । দ্বিতীয়টো ভিডিঅ’ত এটা হৰিণ দেখা গৈছে, যিটো সাগৰৰ পাৰৰ এক ভিডিঅ’ । তৃতীয়টো ভিডিঅ’ এটা ছাগলীৰ ৷ য’ত ছাগলীটোক চিকাৰ কৰা হৈছে । ইয়াৰ উপৰিও আন এটা পদত খালী পদ দেখুওৱা হৈছে, য’ত আবেদন কৰাৰ বিকল্পও দেখুওৱা হৈছে ৷

ছচিয়েল মিডিয়াত অতি সক্ৰিয় কমল নাথ :

কংগ্ৰেছ নেতা কমল নাথ ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ৷ ১০ লাখৰো অধিক লোকে ফেচবুকত তেওঁক ফ’ল’ বা অনুসৰণ কৰে । ইয়াৰ লগতে কমল নাথৰ টুইটাৰত অৰ্থাৎ ১৪ লাখ ফ’ল’ৱাৰছ আছে ।

লগতে পঢ়ক : জ্যোতি চিত্ৰবনত তাৰকাৰ ভিৰ, আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.