ETV Bharat / bharat

মধ্যপ্ৰদেশত ব্যক্তিগত গুদামৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অক্সিজেন চিলিণ্ডাৰ

author img

By

Published : May 3, 2021, 2:13 PM IST

সোমবাৰে মধ্যপ্ৰদেশৰ কলগাৱান জিলাৰ দুটা ব্যক্তিগত গুদামৰ পৰা 400 টাতকৈও অধিক অক্সিজেন চিলিণ্ডাৰ জব্দ জিলা প্ৰশাসনৰ ৷ জয় পিলাৰ চ’কত অৱস্থিত দুখন দোকানত অক্সিজেন চিলিণ্ডাৰৰ কলা বেহা চলা বুলি আৰক্ষীয়ে সদৰি কৰে ৷

oxygen cylinder seized in MP
মধ্যপ্ৰদেশত অক্সিজেন চিলিণ্ডাৰ জব্দ

নেশ্যনেল ডেস্ক, 3 মে’: দেশত বৰ্তি থকা কৰ’ণাৰ ত্ৰাসৰ মাজতে অক্সিজেনৰ সংকট হৈ পৰিছে আন এক ডাঙৰ প্ৰত্যাহ্বান । মধ্যপ্ৰদেশৰ কলগাৱান জিলাৰ চাতনা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে জব্দ কৰে অধিক পৰিমাণৰ অক্সিজেন চিলিণ্ডাৰ ৷

প্ৰশাসনীয় কৰ্মচাৰীৰ এটা দলে সোমবাৰে জয় পিলাৰ চ’কত অৱস্থিত দুখন দোকানত জেৰা চলায়, য’ত অক্সিজেন চিলিণ্ডাৰৰ কলা বেহা চলা বুলি জানিব পৰা গৈছে । অভিযানৰ সময়ত প্ৰশাসনিক দলটোৱে শতাধিক চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিন্ধ্য অক্সিজেন নামেৰে এটা ৱেৰহাউছ পৰিচালনা কৰিছিল প্ৰদীপ জৈন নামৰ এজন ব্যৱসায়ীয়ে ৷ গুদামত অভিযান চলাই প্ৰায় 400 টা অক্সিজেন চিলিণ্ডাৰ জব্দ কৰা হয় । ইয়াৰ লগতে আন এটা প্ৰতিষ্ঠান ত্ৰিবেণী গেছ এজেন্সীতো তালাচী চলাই প্ৰায় 113 টা অক্সিজেন চিলিণ্ডাৰ জব্দ কৰে দলটোৱে ৷

লগতে পঢ়ক : বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ প্ৰেৰণ জাৰ্মানীৰ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.