ETV Bharat / bharat

BSP MP Afzal Ansari: আতিক আহমেদৰ হত্যাকাণ্ডক সম্পূৰ্ণ পৰিকল্পিত আখ্যা আফজল আনচাৰীৰ

author img

By

Published : Apr 18, 2023, 4:35 PM IST

মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ হত্যাকাণ্ড সন্দৰ্ভত গাজীপুৰৰ বিএছপি সাংসদ আফজল আনছাৰীৰ চাঞ্চল্যকৰ মন্তব্য় (BSP MP Afzal Ansari ) । হত্যাৰ চিত্ৰনাট্য পূৰ্বেই সাজু কৰি তিনি শ্বুটাৰক কেৱল পণ্য হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ ৷

Statement of BSP MP Afzal Ansari
সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰী
সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰী

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল: গেংষ্টাৰ তথা ৰাজনৈতিক নেতা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফৰ মৃত্যু সন্দৰ্ভত বহুজন সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীয়ে মন্তব্য় আগবঢ়াইছে (Statement of BSP MP Afzal Ansari)। তেওঁ মঙলবাৰে মাফিয়া আতিক আৰু আশ্ৰাফৰ হত্যাকাণ্ডটোক ষড়যন্ত্ৰ বুলি উল্লেখ কৰি কয় যে ইয়াৰ চিত্ৰনাট্য ইতিমধ্যে সাজু আছিল । বন্দী কৰা শ্বুটাৰসকল কেৱল এই ষড়যন্ত্ৰৰ অংশ । মুখতাৰ আনছাৰী আতিকৰ পিচত এক নম্বৰ নেকি বুলি সোধাত তেওঁ কয়, "যিজনে হত্যাকাৰীক সুৰক্ষা দিয়ে তেওঁ হত্যাকাৰীতকৈও ওপৰত (Afzal Ansari statement on Mukhtar Ansari)। "

২৯ এপ্ৰিলত গাজীপুৰৰ এমপি-এমএলএ আদালতত গেংষ্টাৰ গোচৰৰ সিদ্ধান্ত সন্দৰ্ভত তেওঁ কয় যে, এইটো তেওঁৰ ওপৰত পৰিকল্পিতভাৱে জাপি দিয়া হৈছে । এইটো ভিত্তিহীন বুলি মন্তব্য় কৰি তেওঁ কয় যে, গোচৰটোৰ বিচাৰ আদালতত চলি আছে (Ghazipur MP Afzal Ansari)। তেওঁৰ দেশৰ ন্যায়িক ব্যৱস্থা আৰু সংবিধানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য় কৰে । সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীয়ে কয় যে, দেশৰ আদালতৰ ওপৰত তেওঁৰ বিশ্বাস আছে । তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে । তেওঁ স্পষ্টকৈ কয় যে, ২৯ এপ্ৰিলত যি সিদ্ধান্ত দিয়া হ'ব তাৰ বাবে তেওঁ সাজু ।

ইপিনে, তেওঁ আতিক আহমেদ আৰু আশ্ৰাফৰ হত্যা সন্দৰ্ভত কয়, "এয়া এক ষড়যন্ত্ৰ (atiq and ashraf murder case)। আমি পুৱা সাৰ পাও আৰু ওঁম জপ কৰো, তাৰ পিছত বহুতো কাম আছে ।" সাংসদজনে সংবাদ মাধ্যমৰ ভূমিকাকো প্ৰশ্ন কৰে । তেওঁ কয় যে, আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ গুলীচালনাত জড়িত হত্যাকাৰী ৩ নহয়, ৫ জন আছিল (MP Afzal Ansari on Atiq and Ashraf murder)। দুয়োজনৰ কোনো ফটো সংবাদ মাধ্যমত প্ৰকাশ হোৱা নাই ।

তেওঁ কয় যে, যদি ইয়াৰ তদন্ত কৰা হয়, তেন্তে সকলো পাৰ্থক্য প্ৰকাশ পাব । ১৫ এপ্ৰিলত প্ৰয়াগৰাজত যি ঘটিছিল সেয়া হৃদয়বিদাৰক আছিল । তেওঁ কয় যে, এতিয়া মুখতাৰ আনছাৰী ইয়াৰ পিচত এক নম্বৰ বুলি আলোচনা হৈছে, কিন্তু সেয়া একেবাৰে নহয় । হত্যাকাৰীতকৈ ৰক্ষকজন সদায় শ্ৰেষ্ঠ । আজি সমাজত যি ঘটিছে সেয়া সঠিকভাৱে চলি থকা নাই ।

তেওঁ কয় যে বিনিয়োগকাৰী সন্মিলনত উত্তৰ প্ৰদেশ উত্তম প্ৰদেশ বুলি দাবী কৰা হৈছে । ইয়াত নিৰাপত্তা ব্য়ৱস্থা ইমানেই কটকটীয়া যে চৰাই এটিও প্ৰৱেশ কৰিব নোৱাৰে । কিন্তু তাৰ পিচতো আতিক আৰু আহমেদক কেনেকৈ হত্যা কৰা হৈছিল বুলি তেওঁ প্ৰশ্ন কৰে । ইপিনে,আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে ২০০ ৰ সংখ্যাও স্পৰ্শ নকৰিব । তেওঁ আন ৰাজ্যৰ পৰিসংখ্যা উল্লেখ কৰি কয়, "বিজেপিৰ অৱস্থা বেয়া । আগষ্টত এটা বিপ্লৱ হ'ব আৰু এটা বৃহৎপৰিৱৰ্তন হ'বই । "

লগতে পঢ়ক:Supreme Court on Eenadu Plea : ইনাডুৰ আবেদন দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.