ETV Bharat / bharat

Mother killed daughter: পুত্ৰ স্নেহত অন্ধ হৈ কন্যাৰ প্ৰাণ ল’লে মাতৃয়ে

author img

By

Published : Nov 6, 2022, 7:59 PM IST

শিহৰণকাৰী ! ৰাজস্থানত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মাতৃয়েই প্ৰাণ ল’লে নিজ কন্যাৰ(Murder in Superstition ) ৷ কথমপি প্ৰাণৰক্ষা কনিষ্ঠ পুত্ৰৰ ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত অভিযুক্ত মাতৃ ৷ একমাত্ৰ জ্যেষ্ঠ পুত্ৰৰ প্ৰাণৰক্ষা কৰাৰ বাবে মাতৃগৰাকীয়ে বাছি লয় এই চৰম পন্থা ৷

Mother killed daughter
পুত্ৰ স্নেহত অন্ধ হৈ কন্যাৰ প্ৰাণ ল’লে মাতৃয়ে

নিউজ ডেস্ক, 6 নৱেম্বৰ: একবিংশ শতিকাত, য'ত সমাজে ল'ৰা আৰু ছোৱালীৰ সমান অধিকাৰৰ কথা কৈ আছে, সমাজৰ এটা অংশ আছে যি এতিয়াও অন্ধবিশ্বাসত বসবাস কৰি আছে । ৰাজস্থানৰ বাৰণ জিলাত এনে ধৰণৰ এক অন্ধবিশ্বাসৰ ঘটনা পোহৰলৈ আহিছে । জিলাখনৰ এণ্টা অঞ্চলত, এগৰাকী মাতৃয়ে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ জীৱন ৰক্ষা কৰিবলৈ কনিষ্ঠ কন্যাক শ্বাসৰুদ্ধ কৰি হত্যা কৰে(Murder in Superstition) । সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তৰ সোধপোছ কৰাৰ সময়ত, এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।

অভিযুক্ত মহিলাগৰাকীক আৰক্ষীয়ে সোধপোছ কৰাৰ সময়ত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ৷ অভিযুক্ত মহিলাগৰাকীয়ে তেওঁৰ নাবালক জ্যেষ্ঠ পুত্ৰ নিকেন্দ্ৰ সিঙক(16) বহু মৰম কৰিছিল ৷ কিন্তু তেওঁৰ পুত্ৰৰ হৃদয়ত ছিদ্ৰ থকাৰ বাবে তেওঁ সদায় নিকেন্দ্ৰ স্বাস্থ্যক লৈ চিন্তিত আছিল । এই ঘটনাই তেওঁক মানসিক অৱস্থাতো প্ৰভাৱ পেলাইছিল ৷ পুত্ৰ স্নেহত অন্ধ মহিলাগৰাকীয়ে সপোন তেওঁ কাৰোবাক বলি দিলে, পুত্ৰ সুস্থ হৈ পৰাৰ দেখে ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ইয়াৰ পাছতেই পুত্ৰক সোনকালে সুস্থ কৰি তোলাৰ বাবে উদগ্ৰীৱ হৈ পৰে ৷ ইয়াৰ বাবে তেওঁ নিজৰ স্বামীকো হত্যা কৰাৰ বাবে কুণ্ঠাবোধ নকৰে ৷ তেওঁ কিছুদিন পূৰ্বে স্বামী শিৱৰাজকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়(Woman attacked husband) ৷ কিন্তু শিৱৰাজ হঠাৎ সাৰ পাই যোৱাত কথমপি তেওঁৰ প্ৰাণৰক্ষা পৰে ৷ ইয়াৰ পাছত শনিবাৰে তেওঁ কনিষ্ঠ পুত্ৰ সিংঘম(7) আৰু কন্যা সঞ্জনাৰ(12) হত্যাৰ চেষ্টা চলায়(Woman attacked Daughter and son) ৷

কনিষ্ঠ পুত্ৰ সিংঘমে পলায়ন কৰিবলৈ সক্ষম হয় যদিও কন্যা সঞ্জনাক তেওঁৰ কৱলত পৰে ৷ অভিযুক্ত মহিলাগৰাকীয়ে অতি নিৰ্দয়ভাৱে শ্বাসৰুদ্ধ কৰি কন্যাক হত্যা কৰে(Mother killed daughter in Rajasthan) । পাছত এই ঘটনাৰ সম্ভেদ লাভ কৰি স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে(Mother killed daughter in superstitions) ৷ আনহাতে কন্যা সঞ্জনাৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছে ।

লগতে পঢ়ক: Minor killed four people: মাতৃ-ভগ্নীসহ পৰিয়ালৰ চাৰিজনক নৃশংসভাৱে হত্যা কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.