নিউজ ডেস্ক, ১৮ জানুৱাৰী: মধ্য প্ৰদেশৰ মুৰেনাত জালি সুৰা সেৱন কৰি শেহতীয়াকৈ কেবাজনো লোকৰ মৃত্যু হৈছে । তথ্য অনুসৰি মুৰেনা জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা সোমবাৰলৈ ২৫ জনলৈ বৃদ্ধি পাইছে । এই ঘটনাৰে জৰিত মূল অভিযুক্ত মুকেশ কিৰাৰক চেন্নাইৰ পৰা ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক সুনীল পাণ্ডে মুৰেনাৰ ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰাৰ লগতে মূল অভিযুক্ত সহিতে ইতিমধ্যে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

সম্প্ৰতি আটাইকেইজনকে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩০৪ আৰু আৱকাৰী আইনৰ ধাৰা ৩৪ আৰু ৯১ অধীনত গোচৰ ৰুজু কৰা হৈছে । ইফালে সাতজনৰ বিৰুদ্ধে জালি সুৰা বিক্ৰী কৰা অভিযোগত এক এজাহাৰ দাখিল কৰা হৈছে । এই ঘটনাৰে জৰিত আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
মুৰেনা আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, এখন কৃষি ফাৰ্মত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি কম মূল্যত বিক্ৰী কৰি আহিছিল এই জালি সুৰা । ইতিমধ্যে ফাৰ্মখনৰ পৰা বৃহৎ পৰিমাণৰ সুৰাৰ বটল জব্দ কৰে আৰক্ষীয়ে । জিলাখনত ১১ জানুৱাৰীৰ পৰা নিহতৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ।

মুৰেনাৰ মনপুৰ আৰু চিচ্ছাৱলী গাঁৱত শনিবাৰে সুৰা সেৱন কৰাৰ পাচত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত কেবাজনো লোক নিহত হৈছিল । চিচ্ছাৱলী গাঁৱত অন্তিমটো মৃত্যু হৈছিল । নিহত লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত প্ৰকৃত ৰহস্য গম পোৱা যাব বুলি জনায় মুৰেনাৰ এগৰাকী জেষ্ঠ্য আৰক্ষী বিষয়াই । ইফালে অসুস্থ লোকসকলক গোৱালিয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
ঘটনাৰ খবৰ লাভ কৰাৰ পাচত স্থানীয় বিধায়ক ৰবীন্দ্ৰ সিং তোমৰে নিহত লোকৰ পৰিয়ালক আশ্বাস প্ৰদান কৰি কয় যে চৰকাৰৰ তৰফৰ পৰা ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । লগতে শিৱৰাজ সিঙক কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰী সিঙে ৰাজ্যখনত মাফিয়াৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰখা বুলি এনেই দাবী কৰে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিছে এটা বিশেষ তিনিজনীয়া অনুসন্ধানকাৰী দলক । তিনিজনীয়া অনুসন্ধানকাৰী দলটোত আছে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰাজেশ ৰাজোৰা, এডিজি এ সাই মনোহৰ আৰু ডিআইজি মিথিলেশ শুক্লা ।
ঘটনাৰ পাচতে এ এচ ডি অ পি সহিতে প্ৰায় পাঁচজনক নিলম্বন কৰে আৰু আৰক্ষী অধীক্ষক, জিলা উপায়ুক্তক বদলিকৰণ কৰে ।
লগতে পঢ়ক: মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু