আগৰতলা, 1 মে' : আগৰতলাৰ এটা বিবাহগৃহত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি হঠাৎ এক অভিযান চলাই অশোভনীয় আচৰণ কৰাক লৈ ৰাজ্যৰ ভিন্ন স্তৰত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱ ৷ আগৰতলা চহৰৰ মাজভাগত অৱস্থিত এটা বিবাহগৃহত উপস্থিত হৈ ক'ভিড-19 সম্পৰ্কীয় নিৰ্দেশাৱলী ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজ, দৰা আৰু আনকি আৰক্ষী কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ পাচতে দণ্ডাধীশ গৰাকী বিতৰ্কৰ মাজত সোমাই পৰিছে ৷
জিলা দণ্ডাধীশ গৰাকীৰ এই আচৰণক লৈ একাংশ লোক অসন্তুষ্ট হৈ পৰাৰ লগতে আগৰতলা চহৰৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে বহু গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, যাদৱৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সমূহ হিচাপ কৰা হোৱা নাই যদিও দণ্ডাধীশ গৰাকীৰ বিৰুদ্ধে বৰ্তমানলৈকে প্ৰায় 10 টাৰো অধিক গোচৰ ৰুজু হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কেৱল পশ্চিম আগৰতলা থানাতে তিনিখনকৈ গোচৰ ৰুজু হৈছে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ মতে, কোনো গোচৰেই এফআইআৰ হিচাপে পঞ্জীয়ন কৰা হোৱা নাই আৰু প্ৰত্যেক গোচৰ উচ্চ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ৷
শুকুৰবাৰে ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত দুজনীয়া এখন তদন্ত সমিতিয়ে যাদৱক চমন জাৰি কৰে ৷ এই সন্দৰ্ভত যাদৱে কয় যে,"মই এই কথা আগতেই স্পষ্ট কৰিছো যে, আইন বলবৎ কৰাৰ লগতে আইন উলংঘন কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ উদ্দেশ্যে মই এই অভিযান চলাইছিলো ৷ মই তদন্ত সমিতিক পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু ঘটনা সন্দৰ্ভত মই ইতিমধ্যে মোৰ মন্তব্য প্ৰকাশ কৰিছো ৷ "
জিলা দণ্ডাধীশ গৰাকীৰ বিৰুদ্ধে এনেদৰে বিভিন্ন থানাত গোচৰ ৰুজু হৈ থকাৰ মাজতে ত্ৰিপুৰাৰ ব্ৰাহ্মণ সমাজেও যাদৱক ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে ৷ জানিব পৰা মতে, মূলতঃ পুৰুহিতক বেয়া ব্যৱহাৰ কৰাৰ বাবে সদৌ ত্ৰিপুৰা বৈদিক ব্ৰাহ্মণ সমাজে দণ্ডাধীশ গৰাকীৰ বাবে ৰাজহুৱা ক্ষমাৰ দাবী উত্থাপন কৰিছে ৷ তেওঁলোকৰ এই দাবী মানি নললে সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাটো ত্যাগ কৰাকে ধৰি অধিক তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক: জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক