ETV Bharat / bharat

শেষ হ'ব চাৰধাম যাত্ৰা; উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী - উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

উত্তৰাখণ্ড(Uttarakhand)ত বিশ্ববিখ্যাত চাৰধাম যাত্ৰা শুকুৰবাৰে শেষ হ'ব ৷ ইমানদিনে কৰ'ণাৰ প্ৰভাৱৰ ফলত উচ্চ ন্যায়ালয়ৰ নিৰ্দশ মৰ্মে চাৰধাম যাত্ৰা বন্ধ হৈ আছিল ৷ পোহৰৰ উৎসৱ দীপাৱলীৰ দিনা 6,289 গৰাকী তীৰ্থযাত্ৰীয়ে চাৰিওটা তীৰ্থস্থান দৰ্শন কৰে বুলি জানিব পৰা গৈছে ৷

more-than-6-thousand-pilgrims-reached-chardham-on-deepawali-2021
শেষ হ'ব চাৰধাম যাত্ৰা ; উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : Nov 5, 2021, 4:42 PM IST

নেশ্যনেল ডেস্ক , 5 নৱেম্বৰ : উত্তৰাখণ্ড(Uttarakhand)ত বিশ্ববিখ্যাত চাৰধাম যাত্ৰা 18 চেপ্তম্বৰত আৰম্ভ হৈ 5 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে শেষ হ'ব ৷ মাংগলিক পৰম্পৰা অনুসৰি গংগোত্ৰী ধামৰ দুৱাৰ আজি 11 বাজি 45 মিনিটত বন্ধ কৰা হৈছে ৷ ইতিমধ্যে 10 অক্টোবৰতে বন্ধ কৰা হৈছিল চামোলি জিলাৰ শিখসকলৰ পবিত্ৰ তীৰ্থস্থান হেমকুণ্ড চাহিবৰ দুৱাৰ ।

বৃহস্পতিবাৰে উদযাপন হৈ যোৱা পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাখন 6,289 গৰাকী তীৰ্থযাত্ৰীয়ে চাৰিওটা তীৰ্থস্থান দৰ্শন কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ইমানদিনে কৰ'ণাৰ প্ৰভাৱৰ ফলত উচ্চ ন্যায়ালয়ৰ নিৰ্দশ মৰ্মে চাৰধাম যাত্ৰা বন্ধ হৈ আছিল ৷

ধাম4 নৱেম্বৰউপস্থিত তীৰ্থযাত্ৰী
গংগোত্ৰী ধাম12032,841
যমুনোত্ৰী ধাম7433,046
কেদাৰনাথ ধাম 2,6042,36,580
বদ্রীনাথ ধাম3,4911,42,978
হেমকুণ্ড চাহিব-9165
মুঠ62894,54,610

ইতিমধ্যে শুকুৰবাৰে পুৱা কেদাৰনাথ মন্দিৰ(Kedarnath Temple)ৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আদি শংকৰাচাৰ্যৰ পুনৰ নিৰ্মিত সমাধিৰ উদ্বোধন কৰাৰ লগতে মোডীয়ে চলি থকা নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰি এখন ৰাজহুৱা সভাতো সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কেদাৰনাথ মন্দিৰৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.