ETV Bharat / bharat

পঞ্জাৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 1:28 PM IST

Updated : Dec 2, 2023, 2:34 PM IST

পঞ্জাৱৰ সাংৰুৰত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ বহু শিক্ষাৰ্থী । মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰে মেৰিটৰিয়াছ স্কুলৰ প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থী । বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত অভিভাৱকসকল ।

Students Fall ill after eating Mid day meal
পঞ্জাবত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

নেশ্যনেল ডেস্ক,২ ডিচেম্বৰ : পঞ্জাৱৰ সাংৰুৰত ভয়ংকৰ ঘটনা । সাংৰুৰৰ মেৰিটৰিয়াছ স্কুল ঘাব্দাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি কেইবাগৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে । প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছতে তেওঁলোকক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ নামত বিষাক্ত খাদ্য প্ৰদান কৰাৰ অভিযোগ অভিভাৱকসকলৰ । অভিভাৱকসকলে এই সন্দৰ্ভত তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰিছে । অভিভাৱকসকলে অভিযোগ কৰা মতে দীপাৱালীৰ পাছৰে পৰা বিদ্যালয়ৰ হোষ্টেলত শিক্ষাৰ্থীসকলক ভালদৰে খাদ্য যোগান ধৰা হোৱা নাছিল ।

উল্লেখ্য যে চৰকাৰে শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন যোগান ধৰাৰ কথা কয় । কিন্তু শিক্ষাৰ্থীসকলক কেনে ধৰণৰ খাদ্য যোগান ধৰা হয় তাৰ প্ৰতি চৰকাৰে কোনো মনোযোগ নিদিয়ে । যাৰ বাবে সাংৰুৰৰ মেৰিটৰিয়াছ স্কুলত এনে ধৰণৰ ঘটনা সংঘটিত হ'ল । জানিব পৰা মতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে হোষ্টেলত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছিল । তাৰ পাছত নিশালৈ প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অসুস্থ হৈ পৰে । চৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱা শিক্ষাৰ্থীসকলেও অভিযোগ কৰিছে যে বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক দিয়া খাদ্য অস্বাস্থ্যকৰ আছিল ।

ইফালে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকে উল্লেখ কৰা মতে তেওঁলোকে এই বিষয়টো কেইবাবাৰো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছিল । কিন্তু কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল । যোৱা ৩ দিন ধৰি শিক্ষাৰ্থীসকলে পেটৰ বিষত ভুগি আছিল বুলিও অভিযোগ কৰিছে । আনকি এই সম্পৰ্কে বিদ্যালয় কৰ্তৃপক্ষই একাংশ অভিভাৱকক অৱগত নকৰাৰো অভিযোগ উঠিছে।

জানিব পৰা মতে একাংশ শিক্ষাৰ্থীৰ বমিও হৈছিল । যাৰ বাবে তেওঁলোকক ততালিকে সাংৰুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসকে জনোৱা মতে খাদ্যৰ বিষক্ৰিয়াৰ ফলত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰিছিল । ইতিমধ্যে তেওঁলোকক সঠিক চিকিৎসা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :আলগাপুৰৰ ড্ৰাগছ বিক্ৰেতালৈ নাগৰিকৰ সতৰ্কবাণী

Last Updated : Dec 2, 2023, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.