ETV Bharat / bharat

হায়দৰাবাদত ISB ৰ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে: মোদীক আদৰণি নজনোৱাৰ সিদ্ধান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 25, 2022, 7:47 AM IST

Updated : May 25, 2022, 8:40 AM IST

দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব(Modi will attend ISB event in Hyderabad) ৷ ইফালে কাৰ্যসূচীত ভাগ লবলৈ অহা প্ৰধানমন্ত্ৰীক তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে আদৰণি নজনোৱাৰ লগতে সেই অনুষ্ঠানত ভাগ নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে (CM KCR will not receive the PM)৷

Modi will attend the ISB  event in Hyderabad
হায়দৰাবাদলৈ আহিব লগা প্ৰধানমন্ত্ৰীক আদৰণি নজনোৱাৰ সিদ্ধান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, 25 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব (Modi will attend ISB event in Hyderabad) ৷ কাৰ্যসূচীত ভাগ লবলৈ অহা মোদীক তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে আদৰণি নজনোৱাৰ লগতে সেই অনুষ্ঠানত ভাগ নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে (CM KCR will not receive the PM)৷ সেই দিনটোতে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকী উৰা মাৰিব বাংগালোৰলৈ । অৱশ্যে হায়দৰাবাদত অনুষ্ঠিত হ‘ব লগা আইএছবিৰ এই অনুষ্ঠানত ভাগ ল’ব লগা দেশৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানা চৰকাৰে প্ৰেৰণ কৰিব এগৰাকী মন্ত্ৰী ।

"আইএছবিৰ ২০ সংখ্যক বাৰ্ষিক দিৱস উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু এই লৈ আমি গৌৰৱান্নিত । অহা ২৬ মে'ত হ’বলগীয়া ২০২২ বৰ্ষৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ স্নাতক সমাৰোহত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু আইএছবিৰ হায়দৰাবাদ আৰু মোহালি কেম্পাচৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰিব," ইণ্ডিয়ান স্কুল অৱ বিজনেছৰ ডিন অধ্যাপক মদন পিল্লুটলাই সোমবাৰে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে (PM visit to ISB event in Hyderabad) ।

একেটা কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণৰ লগতে এখন স্মাৰক ফলকো উন্মোচন কৰিব ৷ তাৰোপৰি ISB MyStamp আৰু ইয়াৰ Special Cover খনো মুকলি কৰিব বুলি উল্লেখ কৰি পিল্লুটলাই কয় যে মোদীয়ে বিশেষজ্ঞ পণ্ডিতসকলকো প্ৰদান কৰিব সন্মান । ইফালে, আইএছবিৰ এক বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি আইএছবিৰ কাৰ্যবাহী শিক্ষাই দেশৰ ভিতৰতে প্ৰথম আৰু বিশ্বত ৩৮ তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: মহীশূৰত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান

Last Updated : May 25, 2022, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.