ETV Bharat / bharat

মৰমৰ বন্ধুৰ বিদায়ত মৰ্মাহত মোডীৰ পুৰণি স্মৃতি ৰোমন্থন : এদিনীয়া শোক ঘোষণা

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আততায়ীৰ গুলীত মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modis Dear Friend Shinzo Abe Dies) । তেওঁৰ কাৰ্যকালত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অধিক আগবাঢ়ি যোৱা বুলি আবেক কৃতিত্ব প্ৰদান কৰি পূৰ্বৰ অনুষ্ঠানবোৰত মোডীৰ সৈতেও সাক্ষাতৰ স্মৃতিও ৰোমন্থন কৰে ।

author img

By

Published : Jul 8, 2022, 4:59 PM IST

a
a

নিউজ ডেস্ক, ৮ জুলাই : জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আততায়ীৰ গুলীত মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modi's Dear Friend Shinzo Abe Dies) । তেওঁৰ কাৰ্যকালত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অধিক আগবাঢ়ি যোৱা বুলি আবেক কৃতিত্ব প্ৰদান কৰি পূৰ্বৰ অনুষ্ঠানবোৰত মোডীৰ সৈতেও সাক্ষাতৰ স্মৃতিও ৰোমন্থন কৰে ।

প্ৰয়াত নেতাজনৰ সৈতে তেওঁৰ শেহতীয়া বৈঠকৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সেইটোৱে যে তেওঁলোকৰ অন্তিম যোগাযোগ হিচাপে পৰিণত হ'ব তাক কেতিয়াও কল্পনা কৰা নাছিল (Modi Recalls Last Meet With Witty Leader Shinjo) । "মোৰ শেহতীয়া জাপান ভ্ৰমণৰ সময়ত মই আবেক পুনৰ লগ কৰাৰ আৰু বহুতো বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলোঁ । তেওঁ সদায়ে কৌতুকপ্ৰিয় আৰু অন্তৰ্দৃষ্টিসম্পন্ন আছিল । মই নাজানিছিলোঁ যে সেইখনেই আমাৰ শেষ বৈঠক হ'ব । তেওঁৰ পৰিয়াল আৰু জাপানিজ জনসাধাৰণলৈ মোৰ আন্তৰিক সমবেদনা জনালোঁ ।" প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয় (Modi tweeted to Shinjo Abe death) ।

  • Sharing a picture from my most recent meeting with my dear friend, Shinzo Abe in Tokyo. Always passionate about strengthening India-Japan ties, he had just taken over as the Chairman of the Japan-India Association. pic.twitter.com/Mw2nR1bIGz

    — Narendra Modi (@narendramodi) July 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

"ভাৰত-জাপানৰ সম্পৰ্কক এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ ক্ষেত্ৰত আবেয়ে এক অপৰিসীম অৱদান আগবঢ়াইছে । আজি সমগ্ৰ ভাৰতে জাপানৰ সৈতে শোক প্ৰকাশ কৰিছে (India mourns with Japan) আৰু এই কঠিন মুহূৰ্তত আমি আমাৰ জাপানিজ ভাই-ভনীসকলৰ সৈতে একত্ৰিত হৈ থিয় দিছোঁ ।" মোডীয়ে লগতে কয় । লগতে প্ৰধানমন্ত্ৰীয়ে আবেৰ প্ৰতি দেশৰ 'গভীৰ সন্মান'ৰ চিন হিচাপে ৯ জুলাইত এদিনীয়া ৰাষ্ট্ৰীয় শোকৰ কথাও ঘোষণা কৰে (one day national mourning to Abe on July 9) ।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী গুলীবিদ্ধ হোৱাৰ পিছতে উদ্বিগ্ন হৈ পৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী। উক্ত ঘটনাত উদ্বেগ প্রকাশ কৰি টুইট কৰে মোডীয়ে। টুইটত মোডীয়ে লিখিছে, ‘মোৰ প্রিয় বন্ধুৰ ওপৰত আক্ৰমণৰ ঘটনাত গভীৰভাবে ব্যথিত । তেওঁৰ লগতে পৰিয়ালৰ বাবে প্রার্থনা কৰিছোঁ । জাপানবাসীৰ লগত আছোঁ ।’’

  • I am shocked and saddened beyond words at the tragic demise of one of my dearest friends, Shinzo Abe. He was a towering global statesman, an outstanding leader, and a remarkable administrator. He dedicated his life to make Japan and the world a better place.

শুকুৰবাৰে পুৱা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক গুলীয়াই হত্যা কৰা হয় (Former Japanese Prime Minister Shinzo Abe shot dead) । নাৰা চহৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভাষণ দি থকা আবেক ৪২ বছৰীয়া এজন দুৰ্বৃত্তই পিছফালৰ পৰা গুলীচালনা কৰে ৷ এই ঘটনাৰ লগে লগেই গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তগৰাকীক ৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, অভিযুক্তজনৰ নাম য়ামাগামি টেটছুয়া আৰু তেওঁ আবেৰ নীতিক লৈ অসন্তুষ্ট আছিল । দুটা গুলীত আঘাত পোৱাৰ কিছু সময়ৰ পিছতে আবেৰ মৃত্যু ঘটে । তেওঁক হেলিকপ্টাৰেৰে নাৰা মেডিকেল ইউনিভাৰ্চিটি হাস্পতাললৈ লৈ যোৱা হৈছিল ৷ প্ৰায় ৬ ঘণ্টা ধৰি চিকিৎসকৰ দলে তেওঁক বচাবলৈ চেষ্টা কৰে । চিকিৎসকৰ দলে জানিবলৈ দিয়া মতে চিকিৎসাৰ সময়ত আবে হৃদৰোগত আক্ৰান্ত হয় । ভাৰতীয় সময় অনুসৰি পুৱা ৮ বজাত (জাপানৰ সময় অনুসৰি পুৱা ১১.৩০ বজাত) সংঘটিত হয় এই ঘটনা ।

প্ৰণিধানযোগ্য যে জাপানৰ প্ৰধানমন্ত্ৰী হৈ থকা ৯ বছৰত ৪ বাৰ ভাৰতলৈ আহিছিল আবে । সেই সময়ত বাৰাণসীত গংগা আৰতি আৰু সৱৰমতী আশ্ৰমত বাপুৰ আগত প্ৰণামো কৰিছিল শ্বিনজ’ আবেয়ে । আনহাতে, শ্বিনজ’ আবেৰ ভাৰতৰ সৈতে আছিল এক সুদৃঢ় সম্পৰ্ক । তেওঁ ৫ বাৰ ভাৰত ভ্ৰমণ কৰিছে । ২০০৬ চনত জাপানৰ মুখ্য কেবিনেট সচিব হৈ থকাৰ সময়তে তেওঁ প্ৰথম ভাৰত ভ্ৰমণলৈ আহিছিল (Abe first visited India in 2006)। ২০০৬ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ২০০৭ চনত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল । ২০১২ ৰ পৰা ২০২০ বৰ্ষৰ ভিতৰত তেওঁ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে আৰু তিনিবাৰ ভাৰত ভ্ৰমণ কৰিছিল (Shinjo Abe first India visit as Prime Minister in 2007) । ইমানবাৰ ভাৰত ভ্ৰমণ কৰা তেওঁ প্ৰথমজন জাপানৰ প্ৰধানমন্ত্ৰী ।

ভাৰতীয় গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা প্ৰথমজন জাপানৰ প্ৰধানমন্ত্ৰী আছিল শ্বিনজ’ আবে (Shinjo Abe first Japanese Prime Minister as Republic Day guest) । ২০১৮ চনত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিজৰ ছুটীত ঘৰলৈ নিমন্ত্ৰণ জনাইছিল । শিনজো আবেৰ ব্যক্তিগত বাংলো পৰিদৰ্শন কৰা প্ৰথমজন বিদেশী নেতা আছিল প্ৰধানমন্ত্ৰী মোডী । ইয়াৰ পৰা বুজিব পাৰি যে দুয়োৰে বন্ধুত্ব কেৱল দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপেই নাছিল, ব্যক্তিগতভাৱেও আছিল ।

লগতে পঢ়ক :চিকিৎসাধীন অৱস্থাত মৃত্যুৰ ওচৰত হাৰ মানিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.