নিউজ ডেস্ক, 24 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব লগা শিল্পীসকলৰ সৈতে মত বিনিময় কৰে ৷ মত বিনিময় অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, সামগ্ৰিকভাৱে দেশখনৰ আৰ্থ-সামাজিক, অৰ্থনীতি বহিঃবিশ্বত এইসকল শিল্পীয়ে দাঙি ধৰিব বুলি মন্তব্য প্ৰদান কৰে ৷
তেওঁ আকৌ কয় যে, আমি দেশৰ স্বাধীনতাৰ সময়ত সেই বিশেষ ভূমিকা পালন কৰাৰ সুযোগ নাপালো কিন্তু 26 জানুৱাৰীত দেশৰ হকে কিবা কৰিবলৈ আমাৰ সুবৰ্ণ সুযোগ বুলিও মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷
প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লগা নৃত্যশিল্পী, এন চি চি কেডেটৰ লগতে অন্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা শিল্পীসকলৰ সৈতে মত বিনিময় কৰে ৷
আনহাতে, তেওঁ কয় যে, গণতন্ত্ৰ দিৱসৰ সময়ছোৱাতে হয়তো আপোনালোকে অনুভৱ কৰিছে যে, ভাৰতবৰ্ষ বিভিন্ন জাতি-ধৰ্মৰ বাসস্থলী ৷ য'ত বাৰেৰহণীয়া সংস্কৃতি বিজড়িত হৈ আছে ৷ ৰাজ্য ভেদে ভাষা, সংস্কৃতি বেলেগ বেলেগ হোৱাৰ পিচতো আমি এক ৰাষ্ট্ৰ হৈ বসবাস কৰি আহিছো যিটো বিশ্বৰ আন দেশৰ বাবে আদৰ্শ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
লগতে পঢ়ক : মোদী-শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যজুৰি AASU ৰ প্ৰতিবাদ