ETV Bharat / bharat

অযোধ্যা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰ জনতাৰ নামত উৎসৰ্গিত প্ৰধানমন্ত্ৰীৰ - অযোধ্যা ৰে’লৱে ষ্টেচন

Modi Ayodhya visit: অযোধ্যাত আজি উত্তৰ প্ৰদেশৰ বাবে ১৫,৭০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ বৰ্তমান অযোধ্যা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰ জনতাৰ নামত উৎসৰ্গিত কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ ইয়াৰ পাচত এখন জনসভা সম্বোধন কৰি আন আন প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিল স্থাপন কৰিব মোদীয়ে ৷

Modi inaugurates renamed airport, renovated railway station in ayodhya
অযোধ্যা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰ জনতাৰ নামত উৎসৰ্গিত প্ৰধানমন্ত্ৰীৰ
author img

By PTI

Published : Dec 30, 2023, 2:19 PM IST

অযোধ্যা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰ জনতাৰ নামত উৎসৰ্গিত প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুনৰ উন্নীতকৃত অযোধ্যা ৰে’লৱে ষ্টেচন উদ্বোধন কৰি দুখন অমৃত ভাৰত আৰু ছখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে ৷ ৰে’লকেইখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী, ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথে এখন সজ্জিত অমৃত ভাৰত এক্সপ্রেছত উঠি যাত্ৰীসকলৰ বাবে উপলব্ধ বৈশিষ্ট্য আৰু সুবিধাসমূহ পৰীক্ষণ কৰে ৷ ৰে’লমন্ত্ৰী বৈষ্ণৱে প্ৰধানমন্ত্ৰীক ষ্টেচনটোৰ বিষয়ে অৱগত কৰে । অমৃত ভাৰতৰ কেইজনমান স্বেচ্ছাসেৱকৰ সৈতে তেওঁক মত বিনিময় কৰা ছবি দেখা গৈছিল ।

ইয়াৰ পাচতেই প্ৰধানমন্ত্ৰীয়ে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে নামাংকৰণ কৰা অযোধ্যা বিমানবন্দৰটোও উদ্বোধন কৰে । ইয়াৰ উপৰিও তেওঁ এখন জনসভাত অংশগ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ বাবে ১৫,৭০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব । ইয়াত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য কামৰ সৈতে জড়িত প্ৰায় ৪,৬০০ কোটি টকাৰ প্ৰকল্প আছে ।

প্ৰধানমন্ত্ৰী মোদী অযোধ্যাত অৱতৰণ কৰাৰ পাচত বিমানবন্দৰৰ পৰা এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ৰে’ল ষ্টেচনত উপস্থিত হয় ৷ এই ৰোড শ্ব’ৰ সময়ত পথৰ কাষত সমবেত হোৱা বৃহৎ সংখ্যক লোকে তেওঁক আদৰণি জনায় ৷ প্ৰধানমন্ত্ৰীয়েও নিজৰ বাহনৰ দুৱাৰখন খুলি জনতাক হাত জোকাৰি সম্ভাষণ জনায় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে পথৰ কাষৰ সাংস্কৃতিক দলৰ অনুষ্ঠানৰো সাক্ষী হয় ।

ইফালে বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে X ত এটা পোষ্ট কৰি কয়, "শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী @narendramodi জীক অযোধ্যা ধামত আন্তৰিক আদৰণি আৰু শুভেচ্ছা ৷" উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা অযোধ্যা ধাম জংচন ৰেলৱে ষ্টেচনটো প্ৰায় ২৪০ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে ৷

  • आदरणीय प्रधानमंत्री श्री @narendramodi जी का श्री अयोध्या धाम में हार्दिक स्वागत एवं अभिनंदन... pic.twitter.com/j7oGnBnv4i

    — Yogi Adityanath (@myogiadityanath) December 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তিনিমহলীয়া ৰেলৱে ষ্টেচন ভৱনটোত লিফ্ট, এস্কেলেটৰ, ফুড প্লাজা, পূজাৰ প্ৰয়োজনীয় দোকান, ক্ল’ক ৰুম, চাইল্ড কেয়াৰ ৰুম, ৱেটিং হল আদি বৈশিষ্ট্যৰে সজ্জিত । বিষয়াসকলে জনোৱা মতে, ষ্টেচন ভৱনটো "সকলোৰে বাবে সুলভ" আৰু "আই জি বি চি প্ৰমাণিত সেউজ ষ্টেচন বিল্ডিং" ৷ ইফালে প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰে দুখন নতুন অমৃত ভাৰত ৰে’ল ক্ৰমে দৰভংগা-অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ আৰু মালদা টাউন-ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনাছ (বেংগালুৰু) অমৃত ভাৰত এক্সপ্ৰেছ ।

আনহাতে ফ্লেগ অফ কৰা নতুন বন্দে ভাৰত ৰে’লকেইখন হৈছে শ্ৰী মাতা বৈষ্ণো দেৱী কটৰা-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ, অমৃতসৰ-দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ, কইম্বাটুৰ-বাংগালুৰু কেণ্ট বন্দে ভাৰত এক্সপ্ৰেছ, মাংগালুৰু-মদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ, জালনা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ আৰু অযোধ্যা -আনন্দ বিহাৰ টাৰ্মিনেল বন্দে ভাৰত এক্সপ্ৰেছ ।

লগতে পঢ়ক: অযোধ্যাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োজিত বৃহৎ নিৰাপত্তা বাহিনীৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.