ETV Bharat / bharat

Dearness Allowance Hike : দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 4:30 PM IST

Updated : Oct 18, 2023, 5:10 PM IST

দেশৰ ৪৭ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮ লাভ পেন্সনাৰৰ বাবে সুখবৰ আনিছে কেন্দ্ৰীয় চৰকাৰে । বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি হ'ব ।

Dearness Allowance Hike
দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ

নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : দুৰ্গা পূজা আৰু দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ । শাৰদীয় বতৰত কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ (ডিএ) বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ডিএ ৪ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে । ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৪৬ শতাংশলৈ বৃদ্ধি পাইছে । পূৰ্বে ডিএ ৪২ শতাংশ আছিল । মোদী চৰকাৰৰ এই সিদ্ধান্তৰ পাছত প্ৰায় ৪৭ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮ লাখ পেন্সনাৰৰ মুখত হাঁহি বিৰিঙিছে ।

উল্লেখ্য যে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । য'ত মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে । সূত্ৰৰ মতে এই মাহৰ দৰমহাত এই বানচ যোগ কৰা হ'ব । একে সময়তে, পেন্সনাৰসকলেও এই মাহত বৰ্ধিত পেঞ্চন লাভ কৰিব । জানিব পৰা গৈছে যে চৰকাৰে জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে বকেয়া ধনো দিব পাৰে ।

দেশত এতিয়া উৎসৱৰ বতৰ । দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী । ২৪ অক্টোবৰত বিজয়া দশমী । একে সময়তে, দীপাৱলীও অহা মাহৰ ১২ নৱেম্বৰত হ'ব । এনে সময়ত মোডী চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ বিশেষ উপহাৰ দিছে । চৰকাৰৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে । কৰ্মচাৰীসকলে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ।

ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় চৰকাৰে মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ আশ্বাস দিছিল । অৱশ্যে সাম্প্ৰতিক সময়ত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে । একে সময়তে, ছেপ্টেম্বৰত খুচুৰা মুদ্ৰাস্ফীতি ৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে ।

লগতে পঢ়ক :Congress CEC meeting : নিৰ্বাচনমুখী ৰাজ্যৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত কংগ্ৰেছ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক

Last Updated : Oct 18, 2023, 5:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.