ETV Bharat / bharat

Mock drill on covid preparedness: দেশজুৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগৰ ম’ক ড্ৰিল - Mock drill across India

ক’ভিডৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ সাজু হৈছে দেশৰ স্বাস্থ্য মন্ত্ৰণালয় ৷ মঙলবাৰে সমগ্ৰ দেশৰ কেইবাখনো চিকিৎসালয়ত ক’ভিড সম্পৰ্কীয় এক ম’ক ড্ৰিল অনুষ্ঠিত কৰা হয় (Mock drill on covid preparedness) ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াৰ প্ৰত্যক্ষ তদাৰকীত অনুষ্ঠিত হয় এই ম’ক ড্ৰিল ৷

Mock drill on covid preparedness
স্বাস্থ্য বিভাগৰ ম’ক ড্ৰিল
author img

By

Published : Dec 27, 2022, 12:10 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ: সমগ্ৰ দেশতে Covid ৰ বাবে প্ৰস্তুতিৰ মূল্যায়নৰ প্ৰয়াস চলাবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে সমগ্ৰ দেশৰ কেইবাখনো চিকিৎসালয়ত ম’ক ড্ৰিল অনুষ্ঠিত কৰিছে (Mock drill on covid preparedness) । পুৱা ৯:৪৫ বজাত দিল্লীৰ চফদৰজং হাস্পতাল পৰিদৰ্শন কৰি ম’ক ড্ৰিলৰ তদাৰক কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াই ।

কিছুমান দেশত Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা বিবেচনা কৰি কেন্দ্রই এক পৰামৰ্শ জাৰি কৰি ৰাজ্যসমূহক যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ ভালদৰে প্ৰস্তুত হ’বলৈ অনুৰোধ জনাইছে (Mock drill to check covid preparedness) । ম’ক ড্ৰিলত বিচনাৰ উপলব্ধতা, জনশক্তি, ৰেফাৰেল সম্পদ, পৰীক্ষাৰ ক্ষমতা, চিকিৎসা সামগ্ৰী, টেলিমেডিচিন সেৱা আৰু চিকিৎসা অক্সিজেনৰ উপলব্ধতা আদিৰ মূল্যায়ন কৰা হ’ব ।

বিচনা, অক্সিজেন চিলিণ্ডাৰ আৰু ভেণ্টিলেটৰৰ উপলব্ধতাৰ তথ্য মঙলবাৰৰ পৰা দিল্লীৰ চৰকাৰী পৰ্টেলত জনসাধাৰণৰ বাবে উপলব্ধ হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে (Covid new wave) ।

ইয়াৰ উপৰিও ক’ভিড-১৯ ব্যৱস্থাপনাত প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যসেৱা ব্যক্তি, গুৰুতৰ ৰোগীৰ বাবে ভেণ্টিলেটৰ ব্যৱস্থাপনা প্ৰট’কলৰ প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যসেৱা পেছাদাৰী আৰু চিকিৎসা অক্সিজেন প্লাণ্ট পৰিচালনাত প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যসেৱা কৰ্মীৰ নিয়োগৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব । ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত সকলো ব্যক্তিগত চিকিৎসালয়কে যিকোনো ধৰণৰ জৰুৰীকালীন অৱস্থাৰ বাবে সম্পূৰ্ণ সাজু হ’বলৈ কোৱা হৈছে (Union Ministry of Health on Covid) ।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ চিকিৎসকৰ সৈতে হোৱা এক বৈঠকত চিকিৎসকসকলে কয়, ‘‘এনে অনুশীলনে আমাৰ অপাৰেচনেল ৰেডিনেছত সহায় কৰিব, যদি কোনো ব্যৱধান আছে তেন্তে সেয়া পূৰণ কৰাত সহায় কৰিব আৰু ফলস্বৰূপে আমাৰ জনস্বাস্থ্যৰ সঁহাৰি শক্তিশালী কৰিব’’ । ইফালে ২০২০ চনৰ আৰম্ভণিতে মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা দিল্লীত ২,০০৭,১৫৯ জন Covid আক্ৰান্ত হৈছে আৰু ২৬,৫২১ জন লোকৰ মৃত্যু হৈছে ।

চৰকাৰী তথ্য অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা দৈনিক আক্ৰান্তৰ সংখ্যা ২০ ৰ তলত আৰু পজিটিভিটিৰ হাৰ ১ শতাংশৰ তলত আছে ।

যিকোনো Covid জনিত জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে চিকিৎসালয়সমূহে সাধাৰণ ঔষধ ক্ৰয়ৰ বাবে ১০৪ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে দিল্লী চৰকাৰে । দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক বিবৃতিত কয় যে, বিশ্বজুৰি Covid ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো সকলোৰে বাবে চিন্তাৰ বিষয় । দিল্লীৰ চিকিৎসালয়সমূহক বহু আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ আৰু সজাগ হৈ থাকিবলৈ কোৱা হৈছে ।

ভ্ৰাম্যমাণ থিয়েটাৰ আৰু শিক্ষানুষ্ঠানত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক কৰি সোমবাৰে সতৰ্কতামূলক ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰ্ণাটক আগভাগ লৈছিল । কেৱল কৰ্ণাটকেই নহয় দক্ষিণৰ ৰাজ্যসমূহেও অতি শীঘ্ৰে ক’ভিড প্ৰট’কল আৰোপ কৰিবলৈ আগবঢ়িছে । তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী মা সুব্ৰমণিয়ানে ৰাজ্যত কেতিয়াও Covid প্ৰট’কল শিথিল হোৱা নাছিল বুলি কৈ তামিলনাডুৰ ৰাইজক জনবহুল স্থানত মাস্ক পৰিধান কৰিবলৈ কয় । পশ্চিমবংগ চৰকাৰে কয় যে, জিন’মিক চোৱাচিতা, অক্সিজেন ক্ষমতা, পৰীক্ষণ আৰু জৰুৰীকালীন সঁহাৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ছয় দফীয়া পৰিকল্পনা যুগুত কৰিছে ।

কিছুমান দেশত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আলোকপাত কৰে যে, যিকোনো আৱশ্যকতা পূৰণৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে প্ৰয়োজনীয় জনস্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় ।

লগতে পঢ়ক: Corona Positive Foreigner: গয়াত ৪ কৰোনা পজিটিভ বিদেশীৰ সন্ধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.