ETV Bharat / bharat

PM Modi Mysuru roadshow : কৰ্ণাটকত ৰেলীৰ সময়তে প্ৰধানমন্ত্ৰীলৈ লক্ষ্য কৰি ম’বাইল নিক্ষেপ বিজেপি কৰ্মীৰ - PM Modi Karnataka visit

কৰ্ণাটকৰ মহীশূৰ ৰোডশ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ ফালে নিক্ষেপ কৰা হ’ল এটা ম’বাইল ফোন ৷ নিক্ষেপ কৰোতাজনৰ কোনো কু-অভিপ্ৰায় নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Karnataka Election 2023) ৷

PM Modi Mysuru roadshow
PM Modi Mysuru roadshow
author img

By

Published : May 1, 2023, 8:02 AM IST

নেশ্যনেল ডেস্ক, 1 মে’ : সমাগত কৰ্ণাটক নিৰ্বাচন ৷ গতিকে, দেওবাৰে কৰ্ণাটকত এক ৰোডশ্ব’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উক্ত অনুষ্ঠান চলি থকাৰ সময়তে সংঘটিত হয় এক অঘটন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হয় এটা ম’বাইল ফোন (mobile phone thrown towards Prime Minister) ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাবে এখন বাহনত থিয় হৈ ৰোডশ্ব’ অনুষ্ঠিত কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফালে এটা ম’বাইল ফোন নিক্ষেপ কৰা হয় । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ম’বাইল ফোন নিক্ষেপৰ আঁৰত কোনো অসৎ উদ্দেশ্য নাছিল বুলি স্পষ্ট কৰি দিয়ে ৷ এগৰাকী মহিলা বিজেপি কৰ্মীয়ে "আৱেগ"ৰ বশৱৰ্তী হৈহে ফোনটো পেলাই দিছিল বুলি জানিবলৈ পৰা গৈছে (PM Modi road show in Karnataka)।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ গাড়ীখনৰ ফালে নিক্ষেপ কৰাৰ পিচত গাড়ীখনৰ বনেটত ফোন থকাটো প্ৰধানমন্ত্ৰীগৰাকীৰ নজৰত নপৰিল যদিও প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা গোটৰ (এছ পি জি) জোৱানে লগে লগেই ঘটনা সন্দৰ্ভত অৱগত হয় । উল্লেখ্য যে, ৰাজ্যখনত প্ৰচাৰ অভিযানত অংশ লোৱাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকী বিশেষ সুৰক্ষা গোট চমুকৈ এছ পি জিৰ সুৰক্ষা বেষ্টনীত আছিল । আৱেগৰ বশৱৰ্তী হৈ নিজৰ ম’বাইল ফোনটো প্ৰধানমন্ত্ৰীৰ বাহনলৈ নিক্ষেপ কৰা মহিলাগৰাকী তথা বিজেপি কৰ্মীগৰাকীক এছ পি জিৰ লোকসকলে তেওঁক তেওঁৰ ম’বাইলটো ঘূৰাই দিছিল বুলি জানিবলৈ পৰা গৈছে (PM Modi Mysuru roadshow) ।

মহিলাগৰাকী তথা বিজেপি কৰ্মীগৰাকীয়ে আৱেগৰ বশৱৰ্তী হৈহে ম’বাইল নিক্ষেপ কৰিছিল আৰু ইয়াৰ আঁৰত তেওঁৰ কোনো অসৎ উদ্দেশ্য নাছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা গোটে ৷ ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা গোটে মহিলাগৰাকীক বিচাৰি উলিয়াই ফোনটো তেওঁক গতাই দিয়ে বুলি জানিবলৈ দিয়ে । মহীচুৰু-কোডাগুৰ সাংসদ প্ৰতাপ সিমহা আৰু প্ৰাক্তন মন্ত্ৰী কে এছ এশ্বৰপ্পা আৰু এছ এ ৰমাদাসৰ সৈতে মোডীয়ে পথৰ দুয়োকাষে বৃহৎ সংখ্যক লোকৰ অভিবাদন গ্ৰহণ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় (PM Modi Karnataka visit) ।

লগতে পঢ়ক : Tree cutting in Guwahati : উন্নয়নৰ নামত গুৱাহাটীত চলিছে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.