ETV Bharat / bharat

টি এইচ ইৰ 'ৱৰ্ল্ড ইম্পেক্ট ৰেংকিঙ'ত স্থান লাভ মিজোৰাম বিশ্ববিদ্যালয়ৰ - Mizoram University, worlf impact ranking

টাইমছ হায়াৰ এডুকেশ্যনে প্ৰকাশ কৰা বিশ্বৰ ১,১১৫ খন শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট থকা তালিকাত উজ্বলিছে মিজোৰাম বিশ্ববিদ্যালয় । মিজোৰাম বিশ্ববিদ্যালয়েই হৈছে উত্তৰ-পূৰ্ৱাঞ্চলৰ একমাত্ৰ বিশ্ববিদ্যালয়, যি এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিশ্ববিদ্যালয়খনে ।

টি এইচ ইৰ ৱৰ্ল্ড ইম্পেক্ট ৰেংকিঙত স্থান লাভ মিজোৰাম বিশ্ববিদ্যালয়ৰ

author img

By

Published : Apr 23, 2021, 12:43 PM IST

নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল : মিজোৰাম বিশ্ববিদ্যালয়ে টাইমছ হায়াৰ এডুকেশ্যনৰ ৱৰ্ল্ড ইম্পেক্ট ৰেংকিঙত ১,১১৫ খন শিক্ষানুষ্ঠানৰ ভিতৰত ৬০১-৮০০ৰ বেণ্ডত স্থান লাভ কৰিছে । ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য কাৰ্যসূচীত মুঠ ১৭ টা স্থানৰ ভিতৰত ষষ্ঠ সংখ্যক স্থান দখল কৰিছে মিজোৰাম বিশ্ববিদ্যালয়ে ।

মিজোৰাম বিশ্ববিদ্যালয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্ববিদ্যালয়, যি এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সকলো এছ ডি জিৰ ভিতৰত, এছ ডি জি-৯ত, উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ বিষয়ত মিজোৰাম বিশ্ববিদ্যালয়ে ১০১-২০০ ৰেংকিঙৰ ভিতৰত শীৰ্ষস্থানত আছে ।

বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিকল্পনা ২০৩০ শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে ১৭টা এছ ডি জি আছে । বিশ্বৰ আটাইতকৈ প্ৰতিষ্ঠিত ৰেংকিং সংগঠন টাইমছ হায়াৰ এডুকেশ্যনে মান নিৰূপক তালিকাৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছ ডি জি) কাৰ্যসূচী সন্দৰ্ভত গৱেষণা কৰা প্ৰসাৰ আৰু পৰিচালনা কৰাৰ ওপৰত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানবোৰ মূল্যায়ন কৰে ।

টি এইচ ইৰ ৱৰ্ল্ড ইম্পেক্ট ৰেংকিঙত স্থান লাভ মিজোৰাম বিশ্ববিদ্যালয়ৰ
টি এইচ ইৰ ৱৰ্ল্ড ইম্পেক্ট ৰেংকিঙত স্থান লাভ মিজোৰাম বিশ্ববিদ্যালয়ৰ

ই ভৱিষ্যতে প্ৰতিষ্ঠানসমূহৰ বাবে এক উন্নত আৰু অধিক বহনক্ষম বিকাশ লাভ কৰাৰ বাবে এক ব্লুপ্ৰিণ্ট হিচাপে সহায় কৰে । মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কে আৰ এছ চাম্বাশিৱা ৰাৱে কয় যে, সমগ্ৰ বিশ্বৰ ক'ভিড সংকটৰ মাজতে এই ফলাফল লাভ কৰি তেওঁ যথেষ্ট আনন্দিত । তেওঁ লগতে কয় যে, এনেদৰে সাফল্য অৰ্জন কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, শিক্ষাৰ্থীসকলে সমগ্ৰ বিশ্বৰ সহকৰ্মীসকলৰ সৈতে, উদ্যোগ, সম্প্ৰদায় ৰ সৈতে আৰু চৰকাৰৰ সৈতে অক্লান্তভাৱে কাম কৰি আছে ।

উপাচাৰ্যগৰাকীয়ে কয় যে, এই সন্মান লাভ কৰি বিশ্ববিদ্যালয়খনে এক সুকীয়া পৰিচয় লাভ কৰিছে । এয়া বিশ্ববিদ্যালয়খনৰ লগতে সমগ্ৰৰ ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয় । আনহাতে, এই সাফল্য লাভৰ পিছতে উপাচাৰ্য, পঞ্জীয়ক, বিত্ত বিষয়া, পৰীক্ষা নিয়ন্ত্ৰক আৰু অন্যান্য আইনী বিষয়া, ৰেংকিং ভাৰপ্ৰাপ্ত বিষয়া তথা অধ্যাপক দিবাকৰ তিৱাৰী আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য প্ৰশাসনিক কৰ্মচাৰীসকলে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক:তুষাৰপাতৰ বাবে পুনৰ বন্ধ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.