ETV Bharat / bharat

মিজোৰামত পুনৰ তিনিজনৰ দেহত ক’ভিড-19 পজিটিভ

author img

By

Published : Feb 18, 2021, 2:07 PM IST

ৰাজ্যখনত ক’ৰণাত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি 4399 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 4369 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ এই মহামাৰীৰ ফলত ৰাজ্যখনত দহ গৰাকী লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে ৷

মিজোৰামত পুনৰ তিনিজনৰ দেহত ক’ভিড-19 পজিটিভ
মিজোৰামত পুনৰ তিনিজনৰ দেহত ক’ভিড-19 পজিটিভ

মিজোৰাম,18 ফেব্ৰুৱাৰীঃ 17 ফেব্ৰুৱাৰীত মিজোৰামত তিনি গৰাকী ব্যক্তিৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰিছে ৷ জোৰাম চিকিৎসালয় মহাবিদ্যালয়ত কৰা RT-PCR পৰীক্ষাত 93 টা নমুনা সংগ্ৰহ কৰিছিল আৰু তাৰে সকলোৰে ফলাফল নেগেটিভ আহিছিল ৷ একেদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত 28 টাকৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল সেই সমূহো নিগেটিভ ফলাফল পোৱা গৈছে ৷ ইপিনে ৰেপিড এন্টিজেনৰ দ্বাৰা কৰা পৰীক্ষা কৰা 852 টা নমুনাৰ ভিতৰত তিনিজনৰ দেহতহে পজিটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ মনকৰিবলগীয়া যে, যি সকলৰ নমুনা পৰীক্ষা কৰা হৈছে তেওঁলোকৰ বয়স 14 ৰ পৰা 20 বছৰৰ ভিতৰত ৷

উল্লেখযোগ্য যে, ৰাজ্যখনত ক’ৰণাত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি 4399 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 4369 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ এই মহামাৰীৰ ফলত ৰাজ্যখনত দহ গৰাকী লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে ৷ সম্প্ৰতি ৰাজ্যখনত 20 গৰাকীকৈ লোক ক’ভিড-19 আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ হোজাইত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.