মিজোৰাম, 18 জানুৱাৰী: 16 জানুৱাৰী তাৰিখে মিজোৰামত পুনৰ এগৰাকী লোক নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত হয় ৷ জানিব পৰা মতে 17 জানুৱাৰী তাৰিখে জ'ৰাম চিকিৎসা মহাবিদ্যলয়ত কোনোধৰণৰ নমুনাৰ পৰীক্ষণ হোৱা নাই ৷ ৰাজ্যখনৰ বিভিন্ন জিলাত TrueNAT পৰীক্ষাগাৰত 19 টা নমুনা পৰীক্ষা কৰা হয় যদিও ইয়াৰে এগৰাকীও ক'ভিড-19 আক্ৰান্ত নহয় ৷ অৱশ্যে ৰেপিড এন্টিজেন টেষ্টৰ মুঠ 250 টা নমুনাৰ ভিতৰত এগৰাকী 32 বৰ্ষীয় মহিলা ক'ভিড-19 আক্ৰান্ত বুলি ধৰা পৰে ৷ মহিলা গৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ কোনো লক্ষণ নাই বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে ৰাজ্যখনত বৰ্তমানলৈকে 1,93,035 টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে মুঠ 2.23 শতাংশ লোক ক'ভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ 18 জানুৱাৰী তাৰিখে চিকিৎসালয়ৰ পৰা পাঁচ গৰাকী ৰোগীক মুকলি কৰি দিয়াৰ পাছতে ৰাজ্যখনত বৰ্তমান ক'ভিডত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 74 গৰাকী ৷ ৰাজ্যখনত এতিয়ালৈকে 4323 গৰাকী লোক ক'ভিড - 19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত 4240 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে যদিও 9 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷
লগতে পঢ়ক: অমিতাভ বচ্চনৰ কন্ঠস্বৰৰ কৰ'ণা কলাৰ টিউন নিস্পত্তি দিল্লী উচ্চ ন্যায়ালয়ৰ