আইজল, 20 এপ্ৰিল : মিজোৰামত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যখনত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকৰ সংখ্যা হৈছে 383 গৰাকী ৷
![মিজোৰামত নতুনকৈ 45 গৰাকীৰ দেহত ক'ৰণা উপস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/healthministerdrrlalthanglianaadvisedforaweeklonglockdowninalldistrictcapitalsofmizoram_19042021193844_1904f_1618841324_201.jpg)
লক্ষ্যণীয়ভাৱে, বিগত 24 ঘণ্টাত মিজোৰামৰ 45 গৰাকী দেহত পোৱা গৈছে ক'ৰণাৰ উপস্থিতি ৷ এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ড৹ আৰ লালথানগ্লিয়ানাৰে ৷
তেওঁ কয় যে, ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামৰ সকলো জিলাৰ ৰাজধানীত সপ্তাহজোৰা ল'কডাউনৰ পৰামৰ্শ দিয়া হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈকে 4,509 গৰাকী ক'ভিড ৰোগী সুস্থ হোৱাৰ বিপৰীতে 12 গৰাকীৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি সদৰি কৰে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক: ক’ভিড-19 : সোমবাৰে যোৰহাটত আক্ৰান্ত 68