মিজোৰাম,২ ফেব্ৰুৱাৰী: মঙলবাৰৰ দিনটোত মিজোৰামত এগৰাকী ব্যক্তিৰ শৰীৰত কোভিড ১৯ ৰ অৱস্থিতিৰ কথা পোহৰলৈ আহে ৷ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ত কৰা ৪২৩ টা নমুনাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে ৷
ৰাজ্যখনৰ বহুকেইখন জিলাৰ ট্ৰুনট পৰীক্ষাগাৰত শেহতীয়াকৈ কৰা ৯১ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে ৷ কিন্তু ৰেপিড এণ্টিজেন পৰীক্ষাৰ জৰিয়তে সম্পন্ন হোৱা 720 টা নমুনাৰ পৰীক্ষাৰ ভিতৰত এগৰাকীৰ শৰীৰত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷
১ ফেব্ৰুৱাৰীলৈ ৰাজ্যখনত মুঠ 1234 টা নমুনাৰ পৰীক্ষা সম্পন্ন হৈছে ৷ সম্প্ৰতি আক্ৰান্তৰ হাৰ হৈছে .8 শতাংশ ৷ বৰ্তমানলৈকে ৰাজ্যখনত ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যা হৈছে 4373 গৰাকী ৷ ইয়াৰ ভিতৰত আৰোগ্য লাভ কৰিছে 4333 গৰাকীয়ে আৰু 9 গৰাকীৰ মৃত্যু হৈছে ৷ সম্প্ৰতি মিজোৰামত 31 গৰাকী ব্যক্তিয়ে কৰ’ণাত আক্ৰান্ত হৈ আছে ৷
লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো সুৰক্ষা বিচাৰি নিৰাশ হ'ল সাংসদ সঞ্জয় সিং