ETV Bharat / bharat

Miscreants arson at police station: কিশোৰীৰ মৃতদেহক লৈ ৰাজনীতি; থানা জ্বলালে উত্তপ্ত প্ৰতিবদকাৰীয়ে - Miscreants arson at police station

পশ্চিমবংগ কঁপাইছে নলাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ৷ ইয়াৰ পিচতে স্থানীয় লোকসকলে কিশোৰীগৰাকীৰ ন্যায়ৰ দাবীত পথ অৱৰোধ কৰি টায়াৰ জ্বলাই, আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰাৰ লগতে আৰক্ষী থানা ঘেৰাও কৰি অগ্নিসংযোগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Protestors set fire at police station)৷

Miscreants set police station on fire in Kaliaganj
থানা জ্বলালে উত্তপ্ত প্ৰতিবদকাৰীয়ে
author img

By

Published : Apr 25, 2023, 10:44 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিল: কিশোৰী ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি পশ্চিম বংগৰ কালিয়াগঞ্জত উত্তপ্ত পৰিস্থিতি ৷ উত্তৰ দিনাজপুৰৰ কালিয়াগঞ্জত যোৱা 21 এপ্ৰিলত এগৰাকী জনজাতীয় কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পিচৰপৰাই কিশোৰীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে (Tribal girl rape case in West Bengal) ৷

কিন্তু কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীৰ শৰীৰত কোনোধৰণৰ ধৰ্ষণৰ চিন পোৱা নগৈছিল, তেওঁৰ বিষক্ৰিয়া হৈ মৃত্যু হোৱা বুলি প্ৰতিবেদনত দাখিল কৰা হৈছিল (police station set fire in Kaliaganj) ৷

ইয়াৰ পিচতে স্থানীয় লোকসকলে পথ অৱৰোধ কৰি টায়াৰ জ্বলাই, আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে মঙলবাৰে আৰক্ষী থানা ঘেৰাও কৰি অগ্নিসংযোগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আনকি যেতিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহিছিল তেতিয়া আৰক্ষীক প্ৰতিবাদকাৰীয়ে ইটা নিক্ষেপ কৰিছিল বুলিও আৰক্ষীয়ে অভিযোগ উত্থাপন কৰে (Miscreants arson at police station) ৷

পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে প্ৰথমে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰাৰ পিচতে কন্দুৱা গেছৰে নিক্ষেপ কৰে ৷

উল্লেখ্য যে, জিলাখনৰ গংগুৱা গাঁৱৰ এগৰাকী কিশোৰী বৃহস্পতিবাৰে সন্ধিয়া টিউচনলৈ যোৱাৰ পিচৰ পৰাই সন্ধানহীন হৈছিল ৷ এই ঘটনাৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক আৰু স্থানীয় লোকসকলে বিচাৰ-খোচাৰ অব্যাহত ৰখাৰ পিচতো ওৰে নিশা শুংসূত্ৰ উলিয়াব পৰা নাছিল (Girl body found in canal)৷ তাৰ পিচত পৰিয়ালৰ সদস্যসকলে স্থানীয় থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল (Allegation of rape a minor girl) ৷ তাৰ পিচদিনাই অৰ্থাৎ শুকুৰবাৰে এটা নলাত 17 বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল (Minor girl missing case) ৷

ইয়াৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৷ ইফালে এই হত্যাৰ ঘটনাই পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৰাজনৈতিক সংঘাত আৰম্ভ কৰিছিল (locals protested for justice)৷ ইফালে সহকাৰী উপ পৰিদৰ্শকৰ পদবীত থকা চাৰিজন আৰক্ষীয়ে সোমবাৰে প্ৰতিবাদ চলি থকাৰ মাজতে কিশোৰীগৰাকীৰ মৃতদেহটো টানি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: Delhi liquor scam: মনীষ চিছোডিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিবিআইৰ

ইফালে পশ্চিম বংগ শিশু অধিকাৰ সুৰক্ষা আয়োগে (ডব্লিউবিচিপিচিআৰ) এই ঘটনাক "শিশুৰ মৃতদেহৰ সৈতে" ৰাজনীতি কৰা আৰু ৰাজ্যখনক বদনাম কৰাৰ বাবে আইন "স্পষ্টভাৱে" উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.