নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : মণিপুৰৰ হিংসাই ইতিমধ্যে ৫ মাহ অতিক্ৰম কৰিছে । যোৱা ৩ মে'ৰ পৰা চলিত এই হিংসাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিন্তু এতিয়ালৈ এই পৰিস্থিতি উন্নত হোৱা নাই । প্ৰতিদিনে ৰাজ্যখনত হিংসাত্মক ঘটনা অব্যাহত আছে ।
ৰাজ্য়খনৰ ইম্ফল পশ্চিম জিলাত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । তথ্য অনুসৰি প্ৰায় দুটা ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । অগ্নিসংযোগৰ সময়ত কেইবাৰো গুলীবৰ্ষণৰ খবৰো পোৱা গৈছে । আৰক্ষীয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিছে । আৰক্ষীয়ে জনোৱা মতে ঘটনাটো বুধবাৰে নিশা সংঘটিত হৈছিল । আৰক্ষীৰ তথ্য অনুসৰি পাটচই আৰক্ষী থানাৰ অন্তৰ্গত নিউ কিথেলমানবিত ঘটনাটো সংঘটিত হয় । ঘটনাটো নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় । অগ্নিসংযোগৰ পাছত দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । লগে লগে ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।
নিৰাপত্তাৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ঘটনাটোৰ পাছত অঞ্চলটোত একাংশ মেইটেই মহিলাই ভিৰ কৰে । অৱশ্যে মেইটেই মহিলাসকলক নিৰাপত্তাৰক্ষীয়ে আগবাঢ়ি যোৱাত বাধা আৰোপ কৰে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় । সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীয়ে জনাইছে ।
লক্ষণীয়ভাৱে ৩ মে'ৰ পৰা চলি থকা এই হিংসাত ৰাজ্যখনত ১৮০ৰো অধিক লোকৰ মৃত্যু হৈছে । মূলত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত এই সংঘাত অব্যাহত আছে । চৰকাৰ তথা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈ হিংসাজৰ্জৰ ৰাজ্যখনৰ পৰিস্থিতি উন্নত হোৱা নাই ।
লগতে পঢ়ক :Manipur Violence: মণিপুৰৰ কাংপোকপি জিলাত উচ্চতম ন্যায়ালয়ৰ প্ৰতিনিধি দল