নেশ্যনেল ডেস্ক, 11 অক্টোবৰ: নিকৃষ্ট ৷ জঘন্য ৷ সমাজত যেন একাংশ লোকে ক্ৰমশ হেৰুৱাই পেলাইছে মানৱতা ৷ দেশৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ লুট-পাট, চুৰি, ড্ৰাগছ সৰবৰাহৰ উপৰিও বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা (Gang Rape case in India) ৷ প্ৰায় প্ৰতিদিনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ধৰ্ষণৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনাই ৷ শেহতীয়াকৈ মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা পোহৰলৈ আহিছে ঝাৰখণ্ডত ৷ যি ঘটনাই আপোনাক ভাবিবলৈ বাধ্য কৰাব আচলতে কোন দিশলৈ গতি কৰিছে মানৱ জাতি !
দেওবাৰে ঝাৰখণ্ডৰ দেওগড়ত সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা (Rape in Jharkhand) ৷ দেওবাৰে নিশা এগৰাকী নাবালিকাক মাতৃৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 5 মানৱ ৰূপী অসুৰৰ বিৰুদ্ধে ৷ ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক ৷ আন তিনি অভিযুক্ত বৰ্তমানেও পলাতক ৷
ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, ডুমকাৰ টিনবজাৰ থানা এলেকাৰ বাসিন্দা মাতৃ-কন্যা দেওবাৰে নিশা গৈছিল দেওঘৰস্থিত আত্মীয়ৰ ঘৰলৈ ৷ পিছত নিশায়ে আত্মীয়ৰ ঘৰৰ পৰাই ঘৰমুৱা হৈছিল মাতৃ-কন্যা ৷ ৰাজপথৰে খোজকাঢ়ি উভতি আহি আছিল দুয়ো ৷ খোজকাঢ়ি উভতি অহাৰ সময়তেই সেই স্থানেৰে গৈ আছিল দুখন বাইকত অহা মুঠ ৫ জন যুৱক ৷ কিন্তু হঠাৎ মাতৃ-কন্যাক দেখি বাইকখন ৰখাই দিয়ে যুৱককেইজনে ৷
যুৱককেইজনে বলপূৰ্বকভাৱে ঘন জংঘললৈ টানি নিয়ে মাতৃ-কন্যাক (Minor raped in front of mother) ৷ তাৰ পিছতেই যুৱককেইজনৰ অসৎ কামনাৰ বলি হয় ভুক্তভোগী নাবালিকাগৰাকী ৷ দলবদ্ধভাৱে দৰ্শন কৰে নাবালিকাগৰাকীক ৷ ইফালে মাতৃয়ে কন্যাক ৰক্ষা কৰিবলৈ চেষ্টা কৰোতেই মাতৃক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে যুৱককেইজনে (Minor girl allegedly gang raped in front of mother) ৷
দেওঘৰৰ আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ জাটে জনোৱা অনুসৰি, নাবালিকাগৰাকীক ধৰ্ষণ কৰি নগদ ৫ হাজাৰ টকাৰ লগতে ম’বাইল ফোন লৈ পলায়ন কৰে নৰ পিশাচকেইটাই । ঘটনাৰ পিছত কোনোমতে মধুপুৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে মাতৃ-কন্যাই । ইয়াৰ পিছত নাবালিকাগৰাকীক ভৰ্তি কৰোৱা হয় হাস্পতালত ৷ বৰ্তমানেও নাবালিকাগৰাকীৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । আনহাতে বিষয়টোৰ তদন্তৰ বাবে ইতিমধ্যেই গঠন কৰা হৈছে বিশেষ অনুসন্ধান দল ।
লগতে পঢ়ক: কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল মিলনপুৰৰ গাঁও প্ৰধান