নিউজ ডেস্ক, ৭ জুলাই : বুধবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত কেবিনেট ৰদবদল (Cabinet reshuffle)ৰ পূৰ্বে নতুন মন্ত্ৰীসভাত নাম অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা থকা কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ( Prime Minister Narendra Modi)ক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হোৱা নেতাসকলৰ অন্যতম হৈছে বিজেপিৰ নাৰায়ণ ৰাণে (Narayan Rane), জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), অজয় ভট্ট (Ajay Bhatt) , ভূপেন্দ্ৰ যাদৱ (Bhupender Yadav), শোভা কৰন্দলাজে (Shobha Karandlaje), প্ৰীতম মুণ্ডে (Pritam Munde)আৰু মীনাক্ষী লেখি (Meenakshi Lekhi), এলজেপিৰ পশুপতি পৰাছ (Pashupati Paras) আৰু আপনা দলৰ অনুপ্ৰিয়া পেটেল (Anupriya Patel) । বিজেপি সভাপতি জে পি নাড্ডা (BJP president J P Nadda)ও উক্ত বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে । উক্ত বৈঠকত পুৰুষোত্তম ৰূপালা (Parshottam Rupala) আৰু অনুৰাগ ঠাকুৰ (Anurag Thakur)কে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ পদবী উন্নীতকৰণ হোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, ২০১৯ চনৰ মে’ মাহত দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱা মোডীৰ মন্ত্ৰীসভাৰ এয়া হ’ব প্ৰথমটো সম্প্ৰসাৰণ (Cabinet expansion of PM Narendra Modi) । ৰাজনৈতিক মহলত ইতিমধ্যে এই আসন্ন সম্প্ৰসাৰণক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ উত্তৰ প্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচন (UP Legislative Assembly Election)ৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে বুলি চৰ্চা চলিছে ।
প্ৰধানমন্ত্ৰীয়ে এইবাৰ কেবিনেটত যুৱ মন্ত্ৰীক আৰু বিভিন্ন সামাজিক গোট আৰু অঞ্চলক প্ৰতিনিধিত্ব কৰা সকলক প্ৰাধান্য দিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক : দলৰ সৈতে অলিম্পিকলৈ নাযায় পুল্লেলা গোপীচান্দ