নেচনেল ডেস্ক, ২৬ জুলাই:পশ্চিম বংগৰ বিদ্যালয়ৰ চাকৰি কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত আদালতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ(ইডি)জিম্মাৰ নিৰ্দেশ দিয়াৰ পিছত কলকাতাৰ চিজিঅ' কমপ্লেক্সত উপস্থিত হৈছে পশ্চিম বংগৰ মন্ত্ৰী তথা প্ৰাক্তন শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জী(Minister Partha Chatterjee reaches CGO complex in Kolkata)। অহা ৩ আগষ্টলৈকে তেওঁক প্ৰৱৰ্তন সঞ্চালকালয়ৰ(ইডি)জিম্মাৰ নিৰ্দেশ দিয়াৰ পিছত আদালতৰ ৰায়ৰ প্ৰতি সন্মান জনাই তেওঁ চিজিঅ' কমপ্লেক্সত উপস্থিত হয় ।
কলকাতাৰ এখন আদালতে সোমবাৰে পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীক ১০দিনৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ(Enforcement Directorate)জিম্মালৈ প্ৰেৰণৰ আবেদন মঞ্জুৰ কৰিছিল । উল্লেখ্য় যে পশ্চিম বংগৰ বিদ্যালয়ৰ চাকৰি কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছিল(School Service Commission scam in West Bengal)। ইডিয়ে চেটাৰ্জীৰ ১৪ দিনৰ জিম্মাত বিচাৰিছিল । প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াই কয় যে ভুৱনেশ্বৰৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান চিকিৎসা প্ৰতিষ্ঠানে মন্ত্ৰীগৰাকীৰ স্বাস্থ্য় পৰীক্ষাৰ পিছত এক প্ৰতিবেদনত উল্লেখ কৰিছে যে তেওঁৰ স্বাস্থ্যৰ ওপৰত কোনো সক্ৰিয় হস্তক্ষেপৰ প্ৰয়োজন নাই(AIIMS Bhubaneswar)।
মন্ত্ৰীগৰাকীৰ জামিন আবেদন নাকচ কৰি ইডি আদালতৰ বিশেষ ন্যায়াধীশ জিবন কুমাৰ সাধুয়ে বেংকছল আদালতত মন্ত্ৰীগৰাকীৰ ইডি জিম্মা আৰু মুখাৰ্জীৰ জিম্মা ৩ আগষ্টলৈ বৃদ্ধি কৰে(special EDCourt judge Jibon Kumar Sadhu at Bankshall court)। আদালতে নিৰ্দেশ দিছিল যে ২৩ জুলাইত গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুগৰাকীক ৩ আগষ্টত পুনৰ হাজিৰ কৰাব লাগিব । উল্লেখ্য় য়ে মন্ত্ৰী পাৰ্থ চেটাৰ্জীক শনিবাৰে আদালতত হাজিৰ কৰোৱাত দুদিনৰ বাবে ইডি জিম্মালৈ প্ৰেৰণ কৰে । আনহাতে,তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীক দেওবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে এদিনৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।
লগতে পঢ়ক:Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক