ETV Bharat / bharat

Fuel Price: 7 বছৰত মাত্ৰ 30 শতাংশহে বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ মূল্য : কেন্দ্ৰীয় মন্ত্ৰী - India to double down on oil gas exploration

বিগত 7 বছৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ 30 শতাংশহে বৃদ্ধি কৰিছে বিজেপি চৰকাৰে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পূৰীয়ে এই কথা সদৰি কৰে (Hardeep Singh Puri in Lok Sabha) ৷

minister-of-petroleum-and-natural-gas-hardeep-singh-puri-in-lok-sabha
7 বছৰত মাত্ৰ 30 শতাংশ হে বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ মূল্য
author img

By

Published : Feb 4, 2022, 4:44 PM IST

বিজনেছ ডেস্ক, ৪ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী (Minister of Petroleum and Natural Gas) হৰদীপ সিং পূৰী (Hardeep Singh Puri in Lok Sabha)য়ে বৃহস্পতিবাৰে কয় যে, বিজেপি চৰকাৰে বিগত 7 বছৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ 30 শতাংশহে বৃদ্ধি কৰিছে । তেওঁ লগতে কয় যে, এই মূল্যবৃদ্ধিৰ তুলনাত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দিনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বহু গুণ বৃদ্ধি হৈছিল।

পূৰীয়ে চলিত লোকসভাৰ অধিৱেশনত কংগ্ৰেছৰ সদস্য বেনী বেহন্নানৰ এক প্ৰশ্নৰ উত্তৰ দি এই কথা সদৰি কৰে । পেট্ৰ’ল আৰু ডিজেলৰ ক্ৰমবৰ্ধমান মূল্যৰ প্ৰসংগত বেনীয়ে এই প্ৰশ্ন উত্থাপন কৰি এই দিশত চৰকাৰে কি ব্যৱস্থা লৈছে জানিব বিচাৰে ।

পূৰীয়ে কয় যে, বিজেপি চৰকাৰৰ দিনত 7 বছৰত মাত্ৰ 30 শতাংশ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ চৰকাৰৰ দিনত 2000 চনৰ পৰা 2007 চনলৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য 70 শতাংশ লৈ বৃদ্ধি হৈছিল । 2007 চনৰ পৰা 2014 চনলৈ 60 শতাংশ মূল্য বৃদ্ধি হৈছিল পেট্ৰ’ল আৰু ডিজেলৰ, পূৰীয়ে কয় ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ।

তেওঁ কয় যে, চৰকাৰে শেহতীয়াকৈ পেট্ৰ‘ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক কমাই দিছে । "চৰকাৰে আন বহু আঁচনিৰ বাবেও খৰচ কৰিব লাগে । আপোনালোকে ৰাজ্য চৰকাৰ সমুহক ভেট (VAT) কমাই দিবলৈ কওঁক । আমাৰ চৰকাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যক লৈ যথেষ্ট সংবেদনশীল," পূৰীয়ে কয় ।

খাৰুৱা তেলৰ দামৰ প্ৰসংগ উত্থাপন কৰি পূৰীয়ে কয় যে, যদিও 2020 চনৰ মাৰ্চ মাহত খাৰুৱা তেলৰ মুল্য পেৰতি বেৰেলত 19.56 ডলাৰলৈ হ্ৰাস পাইছিল, এতিয়া অৰ্থনৈতিক কাৰ্য্যকলাপ বৃদ্ধি হোৱা বাবে খাৰুৱা তেলৰ মূল্য আকৌ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : Indo-Bangla border haat: কমলপুৰ-কুৰমাঘাট সীমান্ত বজাৰৰ আধাৰশিলা স্থাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.