ETV Bharat / bharat

অৰুণাচলত দেশৰ প্ৰথম চিডিএছ বিপিন ৰাৱাটলৈ সন্মান - অৰুণাচলত দেশৰ প্ৰথম চিডিএছ বিপিন ৰাৱাটলৈ সন্মান

ভাৰতীয় সেনাৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ নামত সেনা শিবিৰৰ নামকৰণ (Military camp named after CDS Bipin Rawat in Arunachal) । পূব অৰুণাচল প্ৰদেশৰ এটা পথ তেওঁৰ নামত উছৰ্গা অৰুণাচল প্ৰদেশ চৰকাৰৰ ।

Bipin Rawat
Bipin Rawat
author img

By

Published : Sep 10, 2022, 6:50 PM IST

তেজপুৰ, ১০ ছেপ্টেম্বৰ : ভাৰতৰ পূব প্ৰান্তৰ পূব অৰুণাচল প্ৰদেশৰ কিবিথু লোহিত উপত্যকাৰ পাৰৰ এখন সৰু গাঁও । অৰুণাচল প্ৰদেশৰ অঞ্জাও জিলাৰ অন্তৰ্গত এটা ৰাজহ চক্ৰ কিবিথুৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পহৰা দিয়া ভাৰতীয় সেনাৰ এক গুৰুত্বপূৰ্ণ সামৰিক শিবিৰ ।

এই অঞ্চলত ভাৰতীয় সেনাৰ প্ৰথমগৰাকী 'চীফ অব ডিফেন্স ষ্টাফ' (First Chief of Defence Staff Bipin Rawat) জেনেৰেল বিপিন ৰাৱাটে ১৯৯৯-২০০০ চনলৈ কিবিথুত কৰ্ণেল হিচাপে তেওঁৰ বেটেলিয়ন ৫/১১ গোৰ্খা ৰাইফলছৰ কমাণ্ড চম্ভালিছিল আৰু অঞ্চলটোৰ নিৰাপত্তাৰ গাঁথনি শক্তিশালী কৰাত অপৰিসীম অৰিহণা যোগাইছিল ।

অৰুণাচলত দেশৰ প্ৰথম চিডিএছ বিপিন ৰাৱাটলৈ সন্মান

তেওঁৰ দৃষ্টিভংগী আৰু দূৰদৰ্শিতাই অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু সামাজিক বৃদ্ধি কাৰ্যকৰী কৰাত সহায় কৰিছিল, যিয়ে স্থানীয় জনসাধাৰণক বহু পৰিমাণে উপকৃত কৰিছিল । ২০২১ চনৰ ডিচেম্বৰত জেনেৰেল বিপিন ৰাৱাটৰ অকাল মৃত্যুৱে দেশত এক অপূৰণীয় ক্ষতি কৰে । দেশৰ প্ৰতি থকা তেওঁৰ নিস্বাৰ্থ সেৱাক সন্মান জনাই অৰুণাচল প্ৰদেশ চৰকাৰৰ নিৰ্দেশত আজি ১০ ছেপ্টেম্বৰত কিবিথুত এক গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ।

অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰী, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ ইষ্টাৰ্ণ কমাণ্ড ৰাণা প্ৰতাপ কলিতা, জ্যেষ্ঠ সামৰিক আৰু অসামৰিক গণ্য-মান্য ব্যক্তি আৰু জেনেৰেল বিপিন ৰাৱাটৰ কন্যাৰ উপস্থিতিত এই শিবিৰৰ নাম তেওঁৰ নামত উছৰ্গা কৰে (Military camp named after CDS Bipin Rawat) ।

অনুষ্ঠানত আজি কিবিথু সামৰিক শিবিৰৰ নাম সলনি কৰি GENERAL BIPIN RAWAT MILITARY GARRISON নামকৰণ কৰা হয়, য’ত স্থানীয় পৰম্পৰাগত স্থাপত্যশৈলীত নিৰ্মিত এখন (Grand Gate) প্ৰৱেশদ্বাৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়েৰ ডঃ বি ডি মিশ্ৰই উদ্বোধন কৰে । লগতে ৱালঙৰ পৰা কিবিথুলৈ ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে GENERAL BIPIN RAWAT MARG হিচাপে উৎসৰ্গা কৰে ।

উক্ত অনুষ্ঠানত কিবিথু আৰু ৱালঙৰ শতাধিক স্থানীয় লোকৰ উপস্থিতিত উছৰ্গা কৰা অনুষ্ঠানত স্থানীয় নাগৰিক আৰু সামৰিক সম্পৰ্ক আৰু অধিক সহযোগিতাৰে ভাৰতৰ প্ৰথমগৰাকী চিডিএছৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক :বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব বিপ্লৱ দেৱ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.