ETV Bharat / bharat

লখিমপুৰ খেৰীত Rapid Action Force আৰু SSB ৰ দল মোতায়েন

author img

By

Published : Oct 4, 2021, 6:37 PM IST

দেওবাৰে, লখিমপুৰৰ খেৰীত সংঘটিত বিক্ষিপ্ত ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছিল 8 জনকৈ লোকে ৷ ইয়াৰ পিছতে চাৰিটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ দল অৰ্থাৎ ৰেপিড একচন ফ'ৰ্চ (আৰ.এ.এফ.) আৰু সশস্ত্ৰ সীমা বল (এছ.এছ.বি.)ৰ দুটাকৈ দল তাৎক্ষণিকভাৱে 6 অক্টোবৰলৈকে লখিমপুৰ খেৰীত নিয়োজিত কৰা হৈছে ।

mha-deploys-4-capf-companies-in-ups-lakhimpur-kheri-to-control-law-and-order-situation
লখীমপুৰ খেৰীত Rapid Action Force আৰু SSB ৰ দল মোতায়েন

নেশ্বনেল ডেস্ক, 4 অক্টোবৰ : দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত হিংসাত্মক ঘটনাৰ ফলত আঠজনে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ পিছতে কেন্দ্ৰই খেৰীত চাৰিটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) মোতায়েন কৰিছে ৷ উত্তৰ প্ৰদেশ চৰকাৰৰ অনুৰোধৰ পিছত দেওবাৰে গৃহ মন্ত্ৰণালয়ৰ (MHA) পৰা জাৰি কৰা নিৰ্দেশ অনুসৰি, উত্তৰ প্ৰদেশ আৰক্ষীৰ সহায়ত অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে তাৎক্ষণিকভাৱে ৬ অক্টোবৰলৈকে লখিমপুৰ খেৰীত ৰেপিড একচন ফ'ৰ্চ (আৰএএফ) আৰু সশস্ত্ৰ সীমা বলৰ (এছএছবি)ৰ দুটাকৈ CAPF কোম্পানী মোতায়েন কৰা হ'ব ।

নিৰ্দেশটোৰ ঠিক পিছতে, দেওবাৰে সন্ধিয়াৰ ভিতৰত এটা আৰএএফ আৰু দুটা এছএছবি কোম্পানী মোতায়েন কৰা হৈছিল ৷ আৰএএফৰ আনটো দলো ঘটনস্থলীলৈ ৰাওনা হৈছে ৷ সোমবাৰে সন্ধিয়াৰ ভিতৰত যিকোনো সময়তে লখিমপুৰ খেৰীত উপস্থিত হ'ব দলটো ৷ নাম প্ৰকাশত অনিচ্ছুক এক চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক জনায় যে, গৃহ মন্ত্ৰালয়ৰ প্ৰাৰম্ভিক নিৰ্দেশ অনুসৰি, আৰএএফ আৰু এছএছবি দুয়োটা কোম্পানী ৬ অক্টোবৰলৈকে লখিমপুৰ খেৰীত নিয়োজিত কৰা হ'ব ৷ সূত্ৰটোৱে দাবী কৰা মতে, প্ৰয়োজন অনুসৰি এই নিয়োজন বৃদ্ধি বা হ্ৰাস কৰা হ’ব পাৰে ।

উচ্চ স্তৰৰ সূত্ৰটোৱে জনাইছে যে, আইন-শৃংখলা বজাই ৰখাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ অঞ্চলটোত চিএপিএফৰ প্ৰায় ৫০০ জন কৰ্মচাৰীক ২৪ ঘণ্টা নিয়োজিত কৰা হ'ব ।

উল্লেখ্য যে, দেওবাৰে লখিমপুৰ খেৰীৰ ঘটনাত প্ৰায় আঠজন লোকৰ মৃত্যু হোৱাৰ কথা উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনাইছে । কেইবাটাও কৃষক সংগঠনৰ সংযুক্ত কিষাণ মৰ্চা(SKM)ই অভিযোগ কৰিছে যে, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰ টেনিয়ে কৃষকসকলক আক্ৰমণ কৰিছিল ৷ আনকি তেওঁ সংযুক্ত কিষাণ মৰ্চাৰ ওপৰেৰে গাড়ী চলাই নিয়াৰ প্ৰচেষ্টা চলোৱা বুলিও উত্থাপিত হৈছে অভিযোগ ৷ অৱশ্যে, আশীষ মিশ্ৰাই এছকেএমৰ অভিযোগ খণ্ডন কৰে আৰু কয় যে, ঘটনাটো সংঘটিত হোৱা স্থানত তেওঁ উপস্থিত নাছিল ।

লগতে পঢ়ক : উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.