ETV Bharat / bharat

Hanuman Jayanti 2023 : হনুমান জয়ন্তীত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে সকলো ৰাজ্যক নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

author img

By

Published : Apr 5, 2023, 9:30 PM IST

হনুমান জয়ন্তীৰ প্ৰাকক্ষণত গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা ৷ কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত হ’ব নোৱাৰে তাৰে প্ৰতি নজৰ ৰাখিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পৰামৰ্শ (law and order during Hanuman Jayanti) ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : কাইলৈ হনুমান জয়ন্তী ৷ দেশৰ বিভিন্ন প্ৰান্তত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সৃষ্টি হোৱা সাম্প্ৰদায়িক হিংসাক লৈ শংকিত হৈ পৰা গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে হনুমান জয়ন্তীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰে প্ৰতি নজৰ ৰাখি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ আইন-শৃংখলা বজাই ৰখাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ হনুমান জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰামৰ্শ জাৰি কৰিছে বুলি মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে (Stone Pelting on Ramnavmi Shobhayatra) ।

মুখপাত্ৰগৰাকীয়ে কয় যে, চৰকাৰসমূহক আইন-শৃংখলা বজাই ৰখা, উৎসৱটো শান্তিপূৰ্ণভাৱে পালন কৰা, সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা যিকোনো কাৰকৰ ওপৰত নিৰীক্ষণ কৰাটো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে । প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক হিংসাত্মক ঘটনাৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে (law and order during Hanuman Jayanti) ।

মঙলবাৰে সন্ধিয়া গৃহ মন্ত্ৰণালয়ত অনুষ্ঠিত হোৱা নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ পিছতে এই পৰামৰ্শ জাৰি কৰা হৈছে বুলি গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়ে । ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ গৃহ মন্ত্ৰালয় উদ্বিগ্ন বুলি উল্লেখ কৰে । গৃহ মন্ত্ৰালয়ে ৰাজ্য প্ৰশাসনৰ লগতে নিৰাপত্তা সংস্থাসমূহক সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ওপৰত সঠিক সতৰ্কতা অৱলম্বন কৰিবলৈ কয় (Ministry of Home Affairs) ।

সূত্ৰ অনুসৰি, পশ্চিম বংগ, বিহাৰ, মহাৰাষ্ট্ৰ, গুজৰাটকে ধৰি বিভিন্ন ৰাজ্যত দেখিবলৈ পোৱা আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিক লৈ উত্তৰ ব্লকত গৃহ মন্ত্ৰী অমিত শ্বাহে গৃহ সচিব অজয় কুমাৰ ভল্লা আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ মুৰব্বীসকলৰ সৈতে নিৰাপত্তা পৰ্যালোচনা বৈঠকত মিলিত হয় । বিহাৰ চৰকাৰক আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাত সহায় কৰিবলৈ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী প্ৰেৰণ কৰাৰ উপৰিও মঙলবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ বিশদ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছিল ।

লগতে পঢ়ক : China India Border Issue : ভাৰতৰ আপত্তিৰ পিচতে অৰুণাচলৰ কিছু অংশত সাৰ্বভৌমত্ব দাবী বেইজিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.