ETV Bharat / bharat

Akola communal clash : মহাৰাষ্ট্ৰৰ আকোলাত সান্ধ্য আইন জাৰি: নিহত ১ জন

মহাৰাষ্ট্ৰৰ আকোলাত সাম্প্ৰদায়িক হিংসা (Communal clashes in Akola)। দুই ফৈদৰ মাজৰ সংঘৰ্ষৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনা । উত্তেজনাময় অঞ্চলটোত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে ।

author img

By

Published : May 14, 2023, 12:42 PM IST

Updated : May 14, 2023, 1:11 PM IST

Akola communal clash
মহাৰাষ্ট্ৰৰ আকোলাত সান্ধ্য আইন জাৰি

নেশ্যনেল ডেস্ক,১৪ মে': মহাৰাষ্ট্ৰৰ হৰিহৰ পেথত হিংসাত্মক ঘটনা (Harihar Peth clash)। ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে দুই ফৈদৰ মাৰপিট । ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে নিশাটোৰ ভিতৰতে বহু স্থানত উত্তেজনাৰ সৃষ্টি হয় । একাংশ দুৰ্বৃত্তই বহু স্থানত সাধাৰণ লোকক প্ৰহাৰ কৰাৰ লগতে ঘৰ আৰু দোকানত অগ্নিসংযোগ কৰে । একাংশ লোকে বাহনসমূহো ভাঙি লণ্ডভণ্ড কৰে ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে (Section 144 in Akola)। জানিব পৰা মতে হিংসাত্মক ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ১০ জনৰো অধিক লোক আহত হয় । আৰক্ষীৰ লোকো আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আৰক্ষী প্ৰশাসনে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে । সামাজিক মাধ্যমত ভাইৰেল হোৱা এটি ভিডিঅ'ত দেখা মতে হৰিহৰ পেথত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হয় । দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই লোকসকলে শিল নিক্ষেপ কৰাৰ লগতে পথৰ কাষত থকা বাহন ভাঙি লণ্ডভণ্ড কৰে (Tense situation in Maharashtra)।

চহৰখনৰ ৪ খনকৈ আৰক্ষী থানাৰ সমীপত এই উত্তেজনাৰ সৃষ্টি হয় । ঘটনাটোৰ পাছতে তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ইফালে অঞ্চলটোত আৰক্ষীৰ এটা বৃহৎ দল মোতায়েন কৰা হয় । লগতে অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে ।

হিংসাত্মক ঘটনাত জড়িত লোকসকলে বিভিন্ন ঠাইত অগ্নিসংযোগ কৰে । য'ত নিৰীহ লোক আঘাতপ্ৰাপ্ত হয় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । আৰক্ষী অধীক্ষক সন্দীপ ঘুগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ ব্যৱহাৰৰ নিৰ্দেশ দিয়ে । তাৰ লগতে, শূণ্যলৈ গুলীচালনাৰো নিৰ্দেশ দিয়ে ।

শনিবাৰে নিশা হৰিহৰ পেথত সংঘটিত এই ঘটনাৰ কিছু সময়ৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটে । যাৰ বাবে উপায়ুক্ত বিমা অৰোৰাই চহৰখনত ১৪৪ ধাৰা জাৰি কৰে । অ'ল্ড চিটী, ডাবকি ৰোড, ৰামদাস পেথ আৰু চহৰখনৰ অন্যান্য অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছে । এই ঘটনাটোৰ উচিত তদন্তৰ বাবেও উপায়ুক্তই আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে ।

অমৰাৱতীৰ আৰক্ষী মহাপৰিদৰ্শকে এই ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে তেওঁ সেই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতে আৰু ঘটনাটো পৰ্যালোচনা কৰে । তেওঁ আৰক্ষীক এই ঘটনাটোত চহৰখনত শান্তি সুনিশ্চিত কৰিবলৈ উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ।

যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈও নিৰ্দেশ দিয়ে । আৰক্ষীয়ে কোৱা মতে আকোলা চহৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ইফালে, চহৰখনত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হোৱাৰ পাছতে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিধায়ক ৰণধীৰ সাভাৰকাৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক ঘটনা সন্দৰ্ভত অৱগত কৰে । তেওঁ তৎক্ষণাৎ অমৰাৱতী আৰক্ষী মহাপৰিদৰ্শকক ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে । এই সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ২৬ গৰাকী লোকক আটক কৰিছে । ঘটনাত ২ গৰাকী আৰক্ষীসহ ৮ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত নিহতৰ সংখ্যা ৭১ লৈ বৃদ্ধি

Last Updated : May 14, 2023, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.