ETV Bharat / bharat

Buldhana Bus accident : আজি সম্পন্ন হ’ব বুলধানা দুৰ্ঘটনাত মৃত্যু হোৱা 24 জন লোকৰ শেষকৃত্য - মহাৰাষ্ট্ৰৰ শোকাৱহ বুলধনা দুৰ্ঘটনা

আজি শেষকৃত্য সম্পন্ন হ’ব শোকাৱহ বুলধানা দুৰ্ঘটনাত মৃত্যু হোৱা 24 জন লোকৰ ৷ নিজৰ নিজৰ ধৰ্মীয় ৰীতি-নীতি অনুসাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব বুলি জানিবলৈ পৰা গৈছে ৷

Buldhana Bus accident update
বুলধনা দুৰ্ঘটনাত মৃত্যু হোৱা 24 জন লোকৰ শেষকৃত্য
author img

By

Published : Jul 2, 2023, 2:15 PM IST

নেশ্যনেল ডেস্ক, 2 জুলাই : মহাৰাষ্ট্ৰৰ শোকাৱহ বুলধানা দুৰ্ঘটনাত মৃত্যু হোৱা 24 জন লোকৰ আজি সম্পন্ন হ’ব শেষকৃত্য ৷ বুলধনাতেই আটাইকেইজনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । তাৰ বাবে 24 টা মৃতদেহ বুলধানাৰ শ্মশানলৈ অনা হৈছে । উক্ত স্থানত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা তথা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম কৰি ৰখা হৈছে বৃহৎ আৰক্ষী । সমগ্ৰ শ্মশানখন আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ।

শ্মশান অঞ্চলটো এটা আৰক্ষী ছাউনীলৈ পৰিণত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । সিন্ধখেদ ৰাজাৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 25 জন লোকৰ ৷ আটাইকেইটা মৃতদেহৰে আজি ধৰ্মীয় ৰীতি-নীতিৰে সৎকাৰ কৰা হ’ব । বুলধনা পৌৰসভাৰ উপ মুৰব্বী দিগম্বৰ সাথে এই সন্দৰ্ভত কয়, 'দুৰ্ঘটনাত মৃত্যু হোৱা মৃতদেহবোৰ নিজৰ নিজৰ ৰীতি-নীতিৰে শেষকৃত্য কৰা হ’ব ।'

আজি শেষকৃত হ’বলগীয়া 24 টা মৃতদেহৰ ভিতৰত এটা মৃতদেহ মুছলমান ধৰ্মীয় ৰীতি-নীতিৰে সৎকাৰ কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । বুলধানাৰ বিধায়ক সঞ্জয় গাইকৱাদে মৃতদেহটো আত্মীয়ৰ হাতত গতাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে ৷ শনিবাৰৰ বিয়লি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে বুলধানা জিলাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, 33 গৰাকী যাত্ৰী কঢ়িয়াই অনা শীত-তাপ নিয়ন্ত্ৰিত বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তিনিটাকৈ শিশুসহ 26 জন লোক মৃত্যুমুখত পৰে।

বুলধানাৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক : Accidents on Samruddhi Expressway : বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.