ETV Bharat / bharat

NCP latest news : শাৰদ পাৱাৰৰ ৰাজনীতিক বিভ্ৰান্তিকৰ আখ্যা প্ৰাক্তন বিৰোধী দলপতি প্ৰবীণ দাৰকাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:54 PM IST

অজিত পাৱাৰক এন চি পিৰ নেতা বুলিলে দলটোৰ সভাপতি শাৰদ পাৱাৰে ৷ বিজেপিৰ বিধায়ক তথা বিধান পৰিষদৰ প্ৰাক্তন বিৰোধী দলপতি প্ৰবীণ দাৰেকাৰও জ্যেষ্ঠ ৰাজনৈতিক নেতা শাৰদ পাৱাৰ সন্দৰ্ভত আগবঢ়ায় তাৎপৰ্যপূৰ্ণ মন্তব্য ৷

NCP latest news
অজিত পাৱাৰক এন চি পিৰ নেতা বুলিলে দলটোৰ সভাপতি শাৰদ পাৱাৰে

নেশ্যনেল ডেস্ক, 25 আগষ্ট: নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ দলীয় কন্দলে কিছুদিন পূৰ্বে সংবাদ শীৰ্ষ দখল কৰি থকাৰ পিচত পুনৰ সংবাদ শীৰ্ষ দখল কৰিছে দলটোৱে ৷ এইবাৰ বিজেপিৰ বিধায়ক তথা বিধান পৰিষদৰ প্ৰাক্তন বিৰোধী দলপতি প্ৰবীণ দাৰেকাৰে শাৰদ পাৱাৰৰ গোটে বিজেপিক সমৰ্থন জনোৱা বুলি দাবী কৰে ৷

দলটোৰ সভাপতি শাৰদ পাৱাৰ আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মাজত সংঘাতে দেখা দিয়াৰ পিচত শেহতীয়াকৈ অজিত পাৱাৰক দলটোৰ নেতা বুলি কয় জ্যেষ্ঠ ৰাজনৈতিক নেতা শাৰদ পাৱাৰে ৷ লগতে দলটোত কোনো আন্তঃকন্দল নাই বুলিও উল্লেখ কৰে । ইয়াৰোপৰি কেইবাটাও বিষয়ত মন্তব্য তথা প্ৰতিক্ৰিয়া আগবঢ়াইছে এন চি পিৰ সভাপতি শাৰদ পাৱাৰে ৷ পিঁয়াজৰ ৰপ্তানি শুল্ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে দলটোৰ শীৰ্ষ নেতাজনে ।

শাৰদ পাৱাৰে কয়, "কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ওপৰত 40% কৰ হ্ৰাস কৰিব লাগে । এইবোৰ কাৰণৰ বাবেই কৃষক আজি ৰাজপথলৈ আহিবলগীয়া হৈছে । কেন্দ্রীয় চৰকাৰে পিয়াঁজ ক্ৰয়ৰ বাবে দিয়া ধনৰাশি কৃষকৰ বাবে পৰ্যাপ্ত নহয় । পিয়াঁজ এবিধ কৃষিযোগ্য খেতি । গতিকে চৰকাৰে কৃষকসকলক অধিক সহানুভূতিৰে চাব লাগে । কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো । মই কৃষি মন্ত্ৰী হৈ থাকোঁতে পিয়াঁজ ৰপ্তানিৰ ওপৰত কেতিয়াও 40 % ৰপ্তানি কৰ আৰোপ কৰা হোৱা নাছিল । গতিকে এই বিষয়টো মিত্ৰতাত উদ্ভৱ হৈছিল বুলি কোৱাৰ কোনো যুক্তি নাই । গতিকে কেন্দ্ৰীয় চৰকাৰে কিয় চল্লিশ শতাংশ কৰ আৰোপ কৰিলে সেই কথা বুজাব লাগে । অৱশ্যে তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিব নোৱাৰিলোঁ ।"

পাৱাৰে পুনৰ কয়, "চেনিৰ ৰপ্তানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব নে নকৰে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়ত এক আলোচনা চলি আছে । এই নিষেধাজ্ঞাসমূহ কাৰ্যকৰী হ’লে চেনিৰ বজাৰ মূল্য আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় কৃষি মন্ত্ৰী পাৱাৰে । এন চি পি- বিজেপিৰ বিভাজন বুলি কোৱাৰ কোনো কাৰণ নাই বুলিও কয় জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে ৷

শৰদ পাৱাৰৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ বিধায়ক তথা বিধান পৰিষদৰ প্ৰাক্তন বিৰোধী দলপতি প্ৰবীণ দাৰেকাৰে কয়, "শৰদ পাৱাৰে আদালতৰ যুঁজৰ বাবে বক্তব্য দিলেও আদালতৰ যুঁজত ইয়াৰ কোনো পাৰ্থক্য নপৰে । কাৰণ আদালতত পৰিসংখ্যা আৰু তথ্যই গুৰুত্বপূৰ্ণ ।" মানুহ আৰু ভোটাৰক কিয় সহজভাৱে ল’ব লাগে বুলি উল্লেখ কৰি শাৰদ পাৱাৰে আজিলৈকে বিভ্ৰান্তিকৰ ৰাজনীতিয়েই কৰি আহিছে বুলি কয় । লগতে, শাৰদ পাৱাৰৰ বক্তব্যই তেওঁৰ গোটে বিজেপিক সমৰ্থন কৰা যেনহে প্ৰতীয়মান হয় বুলি কয় ।

লগতে পঢ়ক: Donald Trump’s mug shot: সামাজিক মাধ্যমত ভাইৰেল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মগশ্বট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.