ETV Bharat / bharat

Taj Hotel suicide case : তাজ হোটেলৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা ব্যৱসায়ীৰ - businessman jumped from 10th floor of Taj hotel

মুম্বাইৰ বিখ্যাত তাজ হোটেলৰ দশম মহলাৰ পৰা আত্মহত্যা কৰিলে এগৰাকী ব্যৱসায়ীয়ে (Businessman committed suicide in Taj Hotel)। ৬০ বছৰীয়া ব্যৱসায়ীজন শ্বাহৰুখ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে । ডুবাইত থকা শ্বাহৰুখ পিতৃ-মাতৃক সাক্ষাতৰ বাবে মুম্বাইলৈ আহিছিল ।

Taj Hotel suicide case
দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা ব্যৱসায়ীৰ
author img

By

Published : Dec 4, 2022, 1:49 PM IST

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : মায়ানগৰী মুম্বাইৰ বিলাসী তাজ হোটেলত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা (Suicide case in Mumbai Taj Hotel)। কোলাবাস্থিত পঞ্চতাৰকা হোটেলখনৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা ব্যৱসায়ীৰ (Businessman committed suicide in Mumbai) । ৬০ বছৰীয়া ব্যৱসায়ীজন শ্বাহৰুখ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে । কোলাবা আৰক্ষী থানাত এই সন্দৰ্ভত দুৰ্ঘটনাজনিত মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছে ।

কোলাবা আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক বিজয় হাথিস্কাৰে ইটিভি ভাৰতক জনোৱা মতে বিয়লি প্ৰায় ২.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল । শ্বাহৰুখ তাজ হোটেলৰ ১০ মহলাৰ পৰা জপিয়াই ৫ম মহলাত আহি পৰিছিল । তেজেৰে লুতুৰি-পুতুৰি ব্যৱসায়ীগৰাকীক লগে লগে ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । অৱশ্যে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

আৰক্ষীয়ে জনোৱা মতে মৃত ব্যৱসায়ীগৰাকীৰ পৰিয়ালে এতিয়ালৈ কোনো অভিযোগ দিয়া নাই । অৱশ্যে আৰক্ষীয়ে দুৰ্ঘটনাজনিত মৃত্যুৰ এক গোচৰ পঞ্জীয়ন কৰিছে । শ্বাহৰুখ ইঞ্জিনিয়াৰ ডুবাইৰ এগৰাকী ব্যৱসায়ী আৰু তেওঁ মুম্বাইত বাস কৰা পিতৃ-মাতৃক সাক্ষাতৰ বাবে ভাৰতলৈ আহিছিল ।

ঘটনাৰ এদিন পূৰ্বে তেওঁ তাজ হোটেলতে পিতৃ-মাতৃক সাক্ষাৎ কৰিছিল । তাৰ পাছত হঠাৎ শ্বাহৰুখে দশম মহলাৰ খিৰিকীৰে জপিয়াই আত্মহত্যা কৰে (Businessman jumps from 10th floor of Taj Hotel)। অৱশ্যে, শ্বাহৰুখৰ আত্মহত্যাৰ সঠিক কাৰণ আৰক্ষীয়ে জানিব পৰা নাই । ব্যৱসায়ী শ্বাহৰুখ আৰ্থিক সমস্যাত পৰিছিল নেকি ? মানসিক কষ্ট বা হতাশা আছিল নেকি ? সকলো এতিয়া সন্দেহৰ আৱৰ্তত ।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো তথ্য লাভ কৰা নাই । ইফালে সমগ্ৰ ঘটনাক লৈ পঞ্চতাৰকা হোটেল তাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কেইমাহমান পূৰ্বৰে পৰা মুম্বাইত এই ধৰণৰ আত্মহত্যাৰ ঘটনা যথেষ্ট পৰিমাণে সংঘটিত হোৱা দেখা গৈছে । শেহতীয়াকৈ মুম্বাইত এগৰাকী মডেলে আত্মহত্যা কৰিছিল । আন্ধেৰী অঞ্চলত হোটেলৰ কোঠাত উদ্ধাৰ হৈছিল মডেলগৰাকীৰ মৃতদেহ । আনহাতে মডেলগৰাকীয়ে লিখা চুইচাইড নোটত আত্মহত্যাৰ কাৰণ বৰ্ণনা কৰা আছিল । ঘটনা সন্দৰ্ভত এক গোচৰো ৰুজু হৈছিল ।

লগতে পঢ়ক :Child abduction attempt: মাতৃৰ কোলাৰ পৰাই শিশু অপহৰণৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.