ETV Bharat / bharat

উত্তৰকাশী সুৰংগত আবদ্ধ শ্ৰমিকৰ মানসিক অৱস্থা কেনে; জানিব পৰা যাব ৰবটিক পদ্ধতিৰ জৰিয়তে

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 5:30 PM IST

সময় পাৰ হৈ যোৱাৰ লগে লগে উত্তৰকাশী সুৰংগত আবদ্ধ শ্ৰমিকসকলৰ স্বাস্থ্যৰ বিষয়ে চিন্তা বাঢ়ি আহিছে চৰকাৰ আৰু প্ৰশাসনৰ । যাৰ বাবে শ্ৰমিকসকলক বচাবলৈ সম্ভৱপৰ সকলো প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । আনহাতে, শ্ৰমিকসকলৰ মানসিক অৱস্থা জানিবলৈ বৰ্তমান ৰবটিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে । ইয়াৰ বিশেষজ্ঞসকল চিল্কিয়াৰাত উপস্থিত হৈছে ।

Uttarkashi tunnel accident
উত্তৰকাশী সুৰংগত আবদ্ধ শ্ৰমিকৰ মানসিক অৱস্থা কেনে

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টাৰ ১৬ দিন হ'ল । কিন্তু তেওঁলোকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো সংস্থা এই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আনহাতে, শ্ৰমিকসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই অনাৰ বাবে বিদেশী বিশেষজ্ঞৰো সহায় লোৱা হৈছে । কিন্তু তথাপিও দলটোৱে বিশেষ ডাঙৰ সফলতা অৰ্জন কৰা নাই । ইফালে আটাইতকৈ ডাঙৰ চিন্তা হৈছে শ্ৰমিকসকলৰ মানসিক অৱস্থাৰ বিষয়ে । সেয়েহে ভিতৰত আবদ্ধ শ্ৰমিকসকলৰ মানসিক অৱস্থা জানিবলৈ ৰবটিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue | Robotics expert Milind Raj says, "I am here for the mental well-being of the 41 workers stuck in the Silkyara tunnel. This is a homegrown indigenous technology...We have systems to monitor the health of workers round the clock.… pic.twitter.com/gaWtUWNzxL

    — ANI (@ANI) November 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লক্ষ্ণৌৰ পৰা উত্তৰকাশীত গৈ উপস্থিত হোৱা ৰবটিক্স বিশেষজ্ঞ মিলিন্দ ৰাজে উদ্ধাৰকাৰী ৰবটিক পদ্ধতিৰ বিষয়ে তথ্য প্ৰদান কৰিছে । তেওঁ প্ৰকাশ কৰিছে যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ মানসিক অৱস্থা জানিবলৈ তেওঁক তালৈ মাতি অনা হৈছে । তেওঁলোকে ঘৰুৱা থলুৱা প্ৰযুক্তিৰে ২৪ ঘণ্টাই শ্ৰমিকসকলৰ স্বাস্থ্য নিৰীক্ষণ কৰিব পাৰে । শ্ৰমিকসকলক ইণ্টাৰনেট সেৱাও প্ৰদান কৰা হ'ব । ইয়াৰ উপৰি rescue robotic system-এ সুৰংগটোৰ ভিতৰত মিথেনৰ দৰে বিপজ্জনক গেছ চিনাক্ত কৰাত সহায় কৰিব ।

আনহাতে, অগাৰ মেচিনটো ভাঙি যোৱাৰ পিছত এতিয়া মেনুৱেল ড্ৰিলিঙৰ জৰিয়তে ধ্বংসাৱশেষ ভাঙিবলৈ চেষ্টা কৰা হৈছে । এই সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰি আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় যে তেওঁলোকৰ কাম চলি আছে । সোনকালেই মেনুৱেল ড্ৰিলিঙৰ কাম আৰম্ভ কৰা হ'ব, যিটো যথেষ্ট সুৰক্ষিত । তেওঁ আশাবাদী যে সোনকালেই আবদ্ধ শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই আনিব পৰা যাব ।

উল্লেখ্য যে উত্তৰকাশী সুৰংগত ৪১ জন শ্ৰমিক আবদ্ধ হৈ থকাৰ ১৬ দিন হ'ল । কিন্তু এতিয়ালৈকে তেওঁলোকক উদ্ধাৰ কৰাৰ সকলো প্ৰচেষ্টা বিফল হৈছে । ১২ নৱেম্বৰৰ দেৱালীৰ পুৱা উত্তৰকাশী জিলাৰ চিল্কিয়াৰাত ৪.৫ কিলোমিটাৰ দীঘল নিৰ্মীয়মাণ সুৰংগটোৰ মুখৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈত ধ্বংসাৱশেষটো পৰিছিল । সেই সময়ত নিশাৰ ভাগত কাম কৰা ৪১ জন শ্ৰমিক তাত আবদ্ধ হৈ পৰে । বিগত ১৬ দিন ধৰি তেওঁলোকক উদ্ধাৰৰ চেষ্টা কৰা হৈছে । কিন্তু এতিয়ালৈকে তাত কোনো সফলতা লাভ কৰা হোৱা নাই ।

লগতে পঢ়ক :৫ মে'ৰ পৰা ১৪ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, বৰেলী জিলাত তীব্ৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.