ETV Bharat / bharat

Jal Jeevan Mission in Tripura : জল জীৱন মিছনৰ কামৰ অগ্ৰগতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Apr 26, 2022, 1:35 PM IST

জল জীৱন মিছনৰ কামৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ অনুদান আগবঢ়াইছে ত্ৰিপুৰা চৰকাৰক । মন্ত্ৰী সুশান্ত চৌধুৰীয়ে জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকাৰ ইনচেণ্টিভ আগবঢ়াইছে ত্ৰিপুৰাক (Rupees 100 crore incentive to Tripura government)। ২০২২ চনৰ ভিতৰত 'জল জীৱন মিছন' প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Jal Jeevan Mission in Tripura
জল জীৱন মিছনৰ কামৰ অগ্ৰগতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

আগৰতলা, ২৬ এপ্ৰিল : ত্ৰিপুৰাত জল জীৱন মিছন আঁচনিৰ কাম দ্ৰুত গতিত চলি আছে (Progress of Jal Jeevan Mission scheme in Tripura)। ৰাজ্যখনৰ খোৱাপানী আৰু অনাময় বিভাগে এই আঁচনি ৰূপায়ণত অধিক তৎপৰতা দেখুৱাইছে । এই আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু লোকে বিনামূলীয়া খোৱাপানীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ।

ত্ৰিপুৰাৰ চৰকাৰৰ এই কামত সন্তুষ্ট হৈছে কেন্দ্ৰীয় চৰকাৰ । যাৰ বাবে ২০২১-২২ বৰ্ষত জল জীৱন মিছন প্ৰকল্পত উন্নত প্ৰদৰ্শনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ খোৱাপানী আৰু অনাময় বিভাগক ১০০ কোটি টকাৰ অনুদান আগবঢ়াইছে (Rupees 100 crore incentive to Tripura government for JJM)। ত্ৰিপুৰাৰ খোৱাপানী আৰু অনাময় বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে সোমবাৰে জিলা ভিত্তিক 'জল জীৱন মিছন'ৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ এই অনুদানৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীৰ মতে, তেওঁৰ বিভাগে এইক্ষেত্ৰত উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । ২০২২ চনৰ ভিতৰত 'জল জীৱন মিছন' প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নিৰ্দেশত ২০২২ চনৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে খোৱাপানীৰ সুবিধা লাভ কৰাৰ লক্ষ্যৰে বিভাগটোৱে কাম কৰি আছে ।

সেয়েহে সংশ্লিষ্ট বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰী আৰু বিষয়াই স্বচ্ছতা আৰু আন্তৰিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । মন্ত্ৰীগৰাকীৰ মতে ৰাজ্য চৰকাৰে এই অভিযান ১০০ শতাংশ সফল কৰিবলৈ সকলো সম্ভৱ সহায় আগবঢ়াইছে । ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পানীত আইৰণৰ সমস্যা দেখা গৈছে । এই সমস্যা দূৰ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আইৰণ ৰিম'ভেল প্লাণ্ট (IRP) স্থাপনৰ বিষয়েও বৈঠকত বিতংভাৱে আলোচনা কৰা হয় ।

লগতে পঢ়ক : ড্ৰাগছমুক্ত ত্ৰিপুৰা গঢ়িবলৈ সমাজ আৰু চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ : জিষ্ণু দেৱবৰ্মা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.