নেশ্যনেল ডেস্ক,15 এপ্ৰিল : আশে-পাশে থকা স্থানীয় মাংসৰ দোকানৰ দোকানীক সোধক যে, তেওঁলোকে বিক্ৰী কৰা কুকুৰা, ছাগলী বা কোনো জীৱৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে নেকি? উত্তৰটো হয় বা নহয়ৰ বাহিৰে অন্যও হ’ব পাৰে । ইয়াৰ কাৰণ হৈছে কোনেও নাজানে যে এনে নিয়ম আছে । অথবা এই নিয়মাৱলী সম্পৰ্কে এফ.এছ.এছ.এ.আই. বিষয়াসকলে কোনো তথ্য প্ৰকাশ কৰা নাই ৷
প্ৰতিগৰাকী পশু চিকিৎসকে তেওঁৰ 8 ঘণ্টাৰ কৰ্তব্যৰ সময়ত 96 টা ম'হ বা গঁড়, 200 টা ছাগলী বা ভেড়া আৰু 1000 টা কুকুৰাৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে । এপিইডিএয়ে নিৰ্দেশনা জাৰি কৰিছে যে, এগৰাকী অভিজ্ঞতা সম্পন্ন পশু চিকিৎসকে পশুটোক স্বাস্থ্য প্ৰমাণপত্ৰ জাৰি কৰাৰ পাচতহে পশুৰ মাংস ৰপ্তানি কৰিব পাৰি । অৱশ্যে, সমগ্ৰ ভাৰতৰ কোনো মাংসৰ দোকানত এই নিয়ম কাৰ্যকৰী কৰা হোৱা নাই ।
মাংস প্ৰেমীসকলে সাধাৰণতে দেওবাৰৰ দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰে । সেইদিনাই তেওঁলোকে তেওঁলোকৰ প্ৰিয় মুৰ্গী বা ছাগলী মাংসৰ ব্যঞ্জনৰ সোৱাদ ল’ব পাৰে । পশুপালন বিভাগে অনুমান কৰিছে যে, 15 বছৰতকৈ অধিক ভাৰতীয়ৰ 70 শতাংশই আমিষ খাদ্য পছন্দ কৰে ৷ আনহাতে তেলেংগানাত মাংস প্ৰেমী হৈছে 85 শতাংশ । কিন্তু তেওঁলোকে ক্ৰয় কৰা মাংস ভাল মানদণ্ডৰ নেকি?
কেন্দ্ৰই এই সিদ্ধান্তত উপনীত হৈছিল যে, মাংস কটাৰ পূৰ্বে কোনো পুংখানুপুংখ পৰীক্ষা কৰা নহয় । ভাৰতবৰ্ষত কোনেও এই নিয়মবোৰৰ বিষয়ে অৱগত নহয় । দৰাচলতে পশু চিকিৎসকৰ অভাৱ, যিয়ে জন্তুবোৰক স্বাস্থ্য প্ৰমাণ-পত্ৰ প্ৰদান কৰিব পাৰে । এনআৰচিএম আৰু ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (এনএএআৰএম)ৰ দ্বাৰা যুটীয়া অধ্যয়নৰ পত্ৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল । যিহেতু পশু পৰীক্ষাৰ বাবে পৰ্যাপ্ত পশু চিকিৎসা কৰ্মী নিয়োগ কৰাতো অতি কঠিন, সেয়ে অধ্যয়নটোৱে বৈজ্ঞানিক প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰামৰ্শ দিছিল । অধ্যয়নটোত মাংস খোৱা আৰু বিক্ৰীৰ তথ্যও অন্তৰ্ভুক্ত হৈ আছে ।
প্ৰতিদিনে 60 কোটি টকাৰ পশু বধ
2018 চনত দেশজুৰি মাংসৰ বাবে 271 কোটি টকাৰ জন্তু বধ কৰা হৈছিল । এই সংখ্যাৰ ভিতৰত 254.42 কোটি টকাৰ কুকুৰা, 4.62 কোটি টকাৰ ভেড়া আৰু 9.39 কোটি টকাৰ ছাগলী অন্তৰ্ভুক্ত আছে । ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে গড়ে 93.47 লাখ টকাৰ জন্তু হত্যা কৰা হৈছিল । কেৱল এই জন্তুবোৰৰ মানদণ্ড পৰীক্ষা কৰিবলৈ 13,314 গৰাকী পশু চিকিৎসকে প্ৰতিদিনে 8 ঘণ্টা ধৰি কাম কৰিব লাগিব । যদিও এনে ধৰণৰ একো ঘটনা সংঘটিত হোৱা নাছিল, মাংসৰ ব্যৱহাৰ প্ৰতিবছৰে 20 শতাংশ বৃদ্ধি হয় । তথ্য অনুসৰি, চলিত বছৰত 60 লাখ কোটি টকাৰ জন্তু বধ কৰা হ’ব ।
6 লাখ কোটি টকা লাভ
2014 চনত ভাৰতীয়সকলে 2 লাখ কোটি টকাৰ মাংস সেৱন কৰিছিল । 2021 চনত এই সংখ্যা 6 লাখ কোটিলৈ বৃদ্ধি পাব । প্ৰতি কিলোগ্ৰামত 400ৰ পৰা 500 টকাৰ ভিতৰত ছাগলী মাংস হৈছে আটাইতকৈ ব্যয়বহুল মাংস । যদিও হায়দৰাবাদত প্ৰতি কিলোগ্ৰামত দাম 700 টকা । ইফালে কুকুৰা মাংসৰ হাৰ 270 টকালৈ বৃদ্ধি পাইছে ।
পশু চিকিৎসকৰ অভাৱ
দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুসৰি, ভাৰতত 36,950 গৰাকী পশু চিকিৎসক আৰু 2.07 লাখ পশু চিকিৎসা সহায়ক কৰ্মচাৰীৰ অভাৱ আছে । বৰ্তমান দেশত প্ৰতি বছৰে পশু চিকিৎসা স্নাতকৰ সংখ্যা হৈছে 63,000 গৰাকী । ভাৰতীয় পশু চিকিৎসা পৰিষদে জনোৱা মতে, বছৰত 1.2 লাখ স্নাতকে প্ৰকৃত চাহিদা পূৰণ কৰিব পাৰিব ।
90 শতাংশ খুচুৰা বিক্ৰী
ৰাষ্ট্ৰীয় নমুনা জৰীপ 2014 অনুসৰি, 15 বছৰতকৈ অধিক বয়সৰ 71 শতাংশ হৈছে আমিষ । জনসংখ্যাৰ ৯০ শতাংশই মুকলিকৈ মাংস ক্ৰয় কৰে । সকলো খাদ্য সামগ্ৰী খুচুৰা ব্যৱসায়ত বিক্ৰী কৰা হৈছিল । এতিয়া তেওঁলোকক অনলাইন বিক্ৰীৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে । অৱশ্যে বেছিভাগ লোকে অনলাইনত পেকেট যুক্ত মাংস ক্ৰয় কৰা পৰিহাৰ কৰে । তেওঁলোকে সতেজ মাংসৰ বাবে স্থানীয় মাংসৰ দোকানলৈ যোৱাতোহে পছন্দ কৰে । বিগত 4 বছৰত কেইবাটাও ষ্টাৰ্ট-আপে অনলাইন মাংস বিক্ৰী বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল । যিহেতু গ্ৰাম্য জনসাধাৰণে এই ডিজিটেল প্ৰক্ৰিয়াৰ পৰা আঁতৰি আছিল, সেয়েহে কোম্পানীসমূহে নগৰাঞ্চলত এই ব্যৱসায় আৰম্ভ কৰে ৷
লগতে পঢ়ক : ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"