ETV Bharat / bharat

ভগৱানে তেওঁক আশীৰ্বাদ কৰক; ছোনিয়া গান্ধীলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - Congress General Secretary KC Venugopal

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ ৭৭ সংখ্যক জন্মদিনত শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ প্ৰাৰ্থনা জনায় ।

PM Modi birthday wishes to Sonia Gandhi
ছোনিয়া গান্ধীলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
author img

By ANI

Published : Dec 9, 2023, 1:10 PM IST

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : শনিবাৰে ৭৭ বছৰত ভৰি দিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জনায় ।" ছোনিয়া গান্ধীজীক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছোঁ । তেওঁ দীৰ্ঘ জীৱন আৰু সুস্থ শৰীৰৰ আশীৰ্বাদ লাভ কৰক ।" শনিবাৰে এক্সৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় ।

  • Best wishes to Smt. Sonia Gandhi Ji on her birthday. May she be blessed with a long and healthy life.

    — Narendra Modi (@narendramodi) December 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য মোদীৰ এই শুভেচ্ছা বিশেষ হিচাপে পৰিগণিত হৈছে । কিয়নো তেওঁৰ এই শুভেচ্ছা বাৰ্তা এনে এক সময়ত আহিছে, যেতিয়া কংগ্ৰেছে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত তিনিখনকৈ হিন্দী বলয়ৰ ৰাজ্যত পৰাস্ত হৈছে । আনহাতে, গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচনলৈ মাত্ৰ ছয় মাহ বাকী আছে । আনহাতে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও দলৰ প্ৰাক্তন সভাপতিগৰাকীলৈ এক্সত শুভেচ্ছা জ্ঞাপন কৰিছে । নিজৰ শুভেচ্ছা বাৰ্তাত খাৰ্গেয়ে তেওঁক 'প্রান্তিক লোকসকলৰ অধিকাৰৰ নিৰলস অধিবক্তা' বুলি বৰ্ণনা কৰিছে ।

"কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীজীক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছোঁ । প্রান্তিক লোকসকলৰ অধিকাৰৰ এগৰাকী নিৰলস অধিবক্তা তেওঁ । সাহস, দৃঢ়তা আৰু নিস্বাৰ্থ ত্যাগৰ সৈতে প্ৰতিকূলতাৰ সৈতে যুঁজি থকাৰ এক প্ৰতীক হৈ আহিছে তেওঁ । মই তেওঁৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ।" খাৰ্গেয়ে শুভেচ্ছা বাৰ্তাত কয় ।

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালেও ছোনিয়া গান্ধীক তেওঁৰ জন্মদিনত সমাজৰ দৰিদ্ৰ আৰু প্রান্তিক শ্ৰেণীৰ উন্নতিৰ বাবে প্ৰশংসা কৰি শুভেচ্ছা জনায় । "চিপিপিৰ অধ্যক্ষ ছোনিয়া গান্ধীজীক তেওঁৰ জন্মদিনত মোৰ শুভেচ্ছা ! ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি আৰু সমাজৰ দৰিদ্ৰ আৰু প্রান্তিক শ্ৰেণীৰ উন্নতিয়ে সহস্ৰাধিকৰ হৃদয় জয় কৰিছে ।" বেণুগোপালে এক্স পোষ্টত কয় ।

লগতে তেওঁৰ ৰাজনৈতিক যাত্ৰা সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "তেওঁৰ জীৱন যাত্ৰা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা । তেওঁ কংগ্ৰেছক এক অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে অতি শান্তভাৱে পৰিচালিত কৰিছিল আৰু ইউপিএ চৰকাৰৰ স্থপতি আছিল । তেওঁ সকলোৰে বাবে কল্যাণ আৰু দেশৰ বাবে ক্ৰমান্বয়ে বিকাশ প্ৰদান কৰিছিল ।"

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীক শুভেচ্ছা জনাইছে । "কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ মেডাম ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা । এক নিষ্ঠাৱান ৰাজহুৱা জীৱনৰ তেওঁ এক অনুকৰণ । তেওঁক সুস্বাস্থ্যেৰে ভৰা দীৰ্ঘ জীৱনৰ শুভেচ্ছা জনাইছোঁ ।" ষ্টেলিনে কয় ।

আনহাতে, বিৰোধী মিত্ৰতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ছোনিয়াৰ অৱদান সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁৰ গভীৰ দৃষ্টিভংগী আৰু অভিজ্ঞতাৰ সম্পদ স্বৈৰাচাৰী শক্তিৰ পৰা INDIA-ক বচাবলৈ আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাত এক পথপ্ৰদৰ্শক হৈ থাকক ।"

উল্লেখ্য যে ছোনিয়া গান্ধীক অন্তিমবাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত দেখা গৈছিল । শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা এইখন হৈছে একমাত্ৰ ৰাজ্য । তেওঁ সোমবাৰে সন্ধিয়া সংসদৰ শীতকালীন অধিবেশনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ কংগ্ৰেছ সংসদীয় ৰণনীতি গোটৰ এখন বৈঠকো আহ্বান কৰিছে ।

লগতে পঢ়ক :মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ শক্তি হ'ব; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.