ETV Bharat / bharat

May day 2023 : শ্ৰম দিৱসে দেশত শতবৰ্ষ গৰকিবৰ সময়তো শ্ৰমিকে নাপালে প্ৰাপ্য স্বীকৃতি - শ্ৰম দিৱসে শতবৰ্ষ গৰকিবৰ সময়তো শ্ৰমিকে নাপালে

অৰ্থনৈতিক উন্নয়নৰ বাবে মেহনতী জনতাই কৰা কষ্ট, ত্যাগক স্বীকৃতি প্ৰদান কৰাটো হ’ল 2023 বৰ্ষৰ শ্ৰমিক দিৱসৰ বিষয়বস্ত (May day 2023 theme) ৷

May day 2023
May day 2023
author img

By

Published : May 1, 2023, 11:11 AM IST

নিউজ ডেস্ক, 1 মে’ : 1884 চনত যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত মালিক গোষ্ঠীৰ শোষণ-বঞ্চনাৰ পৰা মুক্তি বিচাৰি এদল মুক্তিকামী জনতাই আৰম্ভ কৰিছিল আন্দোলন ৷ 10-12 ঘণ্টা পৰ্যন্ত কামত খটুৱাৰ বিৰোধিতা কৰি শ্ৰমিকসকলে ঐক্যৱদ্ধভাৱে দৈনিক 8 ঘণ্টা কামৰ সময় নিৰ্ধাৰণ কৰিবৰ বাবে দাবী উত্থাপন কৰি আৰম্ভ কৰিছিল আন্দোলন ৷

1886 চনৰ 1 মে’ ৰ ভিতৰত তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে শ্ৰমিকসকলে সময় বান্ধি দিয়ে । কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে । ইয়াৰ পিচতে 1886 চনৰ 4 মে’ৰ সন্ধিয়া চিকাগো চহৰৰ ‘হো মাৰ্কেট’ত শ্ৰমিকসকল তেওঁলোকৰ দাবীৰ সমৰ্থনত এক প্ৰতিবাদী মিছিল উলিয়ায় ৷ উক্ত প্ৰতিবাদী মিছিলটোত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয় 11 জনকৈ শ্ৰমিকে (May day in World history) ৷

অৱশ্যে শ্ৰমিকৰ ধাৰাবাহিক আন্দোলনৰ ফলত অৱশেষত 8 ঘণ্টীয়া কামৰ প্ৰস্তাৱে স্বীকৃতি লাভ কৰে আৰু সমগ্ৰ বিশ্বজুৰি এই দিনটোক শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ এটা দিন হিচাবে পালন কৰি অহা হৈছে ৷ ভাৰতত শ্ৰমিক দিৱসৰ সূচনা হয় 1923 বৰ্ষৰ পৰা ৷ সেই দিশৰ পৰা চাবলৈ গ’লে এইবাৰ ভাৰতত শ্ৰম দিৱসে ভৰি দিলে 100 বছৰত ৷ শতবৰ্ষ গৰকা এই ঐতিহাসিক ক্ষণটো কিন্তু দেশৰ শ্ৰমিকসকলে প্ৰাপ্য মৰ্যাদা, অৰ্থনৈতিক অধিকাৰ লাভ কৰিছে বুলি ক’ব নোৱাৰি ৷ নিৱনুৱা সমস্যা, লেবাৰ ক’ড, নিম্নমুখী মজুৰিকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত আজি দেশৰ শ্ৰমিক (May day in India) ৷

অসংগঠিত খণ্ডৰটো বাদেই সংগঠিত খণ্ডৰো শ্ৰমিকসকলেও আজি ৰাজপথত নিজৰ প্ৰাপ্যৰ দাবীত আন্দোলনত বহিবলগীয়া হৈছে ৷ শ্ৰমিকৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলত লাভ কৰা শ্ৰম সংহিতাবোৰ এখনৰ পিচত আনখনকৈ সংশোধন আৰম্ভ কৰাত 100 টাকৈ সোণসেৰীয়া বছৰ অতিক্ৰম কৰাৰ পিচতো দেশৰ শ্ৰমিকসকল বঞ্চিত হৈ ৰৈছে সম অধিকাৰ তথা ন্যায্য প্ৰাপ্তিৰ পৰা (Labour code) ৷

দেশ এখনৰ প্ৰধান চালিকা শক্তি কৃষকসকলে নিজৰ প্ৰাপ্যৰ বাবে কেনেদৰে দেশৰ ৰাজধানীৰ ৰাজপথত বহিবলগীয়া হৈছিল তথা মহামাৰীৰ সময়চোৱাত দেশৰ শ্ৰমিকসকলৰ অৱস্থা কেনে শোচনীয় হৈ পৰিছিল সেই দৃশ্যাংশই আমাক ভাবিবলৈ বাধ্য কৰায় দেশে সঁচাকৈয়ে অতিক্ৰম কৰিলেনে শ্ৰম দিৱসৰ গৌৰৱোজ্জ্বল 99 টা বৰ্ষ ৷ চলিত বৰ্ষৰ শ্ৰমিক দিৱসৰ যি বিষয়বস্ত সেয়া আৰ্জিবলৈ সক্ষম হৈছেনে দেশৰ শ্ৰমিকে (Farmers protest in India) ?

লগতে পঢ়ক : Pranjal Moran Murder Case : বস্তাৰ ভিতৰত উদ্ধাৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.