ETV Bharat / bharat

ৰাজধানী দিল্লীত ক্ৰমে হ্ৰাস পাইছে তাপমাত্ৰা - ৰাজধানী দিল্লীত হ্ৰাস পাইছে তাপমাত্ৰা

দেশৰ ৰাজধানী দিল্লীবাসীৰ বাবে কিছু সকাহ ৷ উৎকত গৰমৰ পৰা কিছু হ’লেও সকাহ পাইছে দিল্লীবাসীয়ে ৷ ৰাজধানী দিল্লীত হ্ৰাস পাইছে বতৰৰ তাপমাত্ৰা ৷ লগতে দিল্লীৰ কেবাটাও অঞ্চলত পাতল বৰষুণ হোৱাও পৰিলক্ষিত হৈছে ৷

Max temp settles at 34 9 deg C in Delhi
ৰাজধানী দিল্লীত হ্ৰাস পাইছে তাপমাত্ৰা
author img

By

Published : Aug 16, 2022, 3:43 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট : অত্যাধিক গৰমৰ মাজতে ৰাজধানী দিল্লীত হ্ৰাস পাইছে তাপমাত্ৰা ৷ বিগত দুদিন ধৰি ৰাজধানী দিল্লীত বতৰৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ৷ দিল্লীৰ বতৰ বিজ্ঞান বিভাগে (Delhi Meteorological Department) জাৰী কৰা তথ্য অনুসৰি, অনাগত দিনকেইটাত দিল্লীৰ কেবাটাও অঞ্চল মেঘাচন্ন হোৱাৰ লগতে পাতল বৰষুণ হোৱাৰো সম্ভাৱনা আছে ৷

উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত ৰাজধানী দিল্লীত এজাক পাতল বৰষুণ হয় ৷ ফলত তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় (Max temp settles at 34 9 deg C in Delhi)৷ সোমবাৰে দিল্লীৰ চফদৰজং, পালম, লোধি ৰোড, আয়ানগৰ আৰু গুৰুগ্ৰামত বৰষুণৰ হোৱা পৰিলক্ষিত হয় ৷ যাৰ ফলত আৰ্দ্ৰতাৰ স্তৰ 95 শতাংশৰ পৰা 68 শতাংশৰ মাজত দোদুল্যমান অৱস্থাত থকা বুলি সদৰী কৰে দিল্লী বতৰ বিজ্ঞান বিভাগে ৷

আনহাতে, বতৰ বিজ্ঞান বিভাগে জাৰী কৰা তথ্য অনুসৰি, মঙলবাৰে বিয়লিৰ ভাগত দিল্লীত প্ৰতি ঘণ্টাত 20-25 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে ৷ বাতৰি যুগুত কৰা পৰলৈকে মঙলবাৰৰ দিনটোত ৰাজধানীকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া কেবাটাও অঞ্চলত বৰষুণ হৈ আছে ।

দিল্লীত মঙলবাৰ পুৱা 8.30 বজাত সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী, পালমত 27.8 ডিগ্ৰী, লোধি ৰোডত 25.2 ডিগ্ৰী, ৰিজত 23.6 ডিগ্ৰী আৰু আয়া নগৰত 24.9 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা আছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ক'ভিড ১৯ৰ intranasal vaccineৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.