ETV Bharat / bharat

গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা : ন্যায়ালয়ৰ পৰামৰ্শক আদৰণি জনালে মৌলানাই - মৌলানা চুফিয়ান নিজামি

গৰুক ৰাষ্ট্ৰীয় পশু(national animal)ৰ মৰ্যাদা দিয়াৰ বাবে এলাহবাদ উচ্চ ন্যায়ালয়(Allahabad High Court)এ প্ৰদান কৰা পৰামৰ্শক আদৰণি দাৰুল উলুম ফাৰাংগী মহল(Darul Uloom Farangi Mahal)ৰ মুখপাত্ৰ মৌলানা চুফিয়ান নিজামি(Maulana Sufiyan Nizami)ৰ ৷ কোটি কোটি হিন্দু ভাতৃৰ বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো কেন্দ্ৰই গুৰুত্বসহকাৰে লোৱা উচিত বুলি মন্তব্য চুফিয়ান নিজামিৰ ৷

Maulana Sufiyan Nizami backs Allahabad HC's suggestion to declare cow as national animal
গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা
author img

By

Published : Sep 2, 2021, 2:10 PM IST

নেশ্যনেল ডেস্ক, 2 ছেপ্তেম্বৰ : এলাহবাদ উচ্চ ন্যায়ালয়(Allahabad High Court)এ গৰুক ৰাষ্ট্ৰীয় পশু(National Animal)ৰ মৰ্যাদা দিয়াৰ পোষকতা কৰি প্ৰদান কৰা পৰামৰ্শক বিশিষ্ট মৌলানা(cleric ) আৰু দাৰুল উলুম ফাৰাংগী মহল(Darul Uloom Farangi Mahal)ৰ মুখপাত্ৰ মৌলানা চুফিয়ান নিজামি(Maulana Sufiyan Nizami)এ আদৰণি জনাইছে ৷ ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাই নিজামিয়ে কয় যে, হিন্দু ভাতৃসকলৰ বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই এই বিষয়ে আলোচনা কৰা প্ৰয়োজন ৷ ন্যায়ালয়ে বুধবাৰে প্ৰদান কৰা এই পৰামৰ্শৰ পাচতে ৰাজনৈতিক মহলত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

এই বিষয়ত মন্তব্য ৰাখি ধৰ্মগুৰুজনে কয় যে, তেওঁলোকে আৰম্ভণিৰে পৰা গৰুৰ সুৰক্ষা(protection of the cow)ৰ বাবে এখন আইন প্ৰস্তুত কৰাৰ কথা কৈ আহিছে ৷ ইয়াৰ জৰিয়তে গৰুক সুৰক্ষিত কৰাৰ লগতে সন্মানো জনোৱা হ'ব বুলি তেওঁ মন্তব্য কৰে ৷ মৌলানজনে কয় যে, এলাহবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা পৰামৰ্শ সম্পূৰ্ণ ন্যায়সংগত ৷

গৰুক সুৰক্ষিত কৰাৰ লগতে কোটি কোটি ভাৰতীয়ৰ বিশ্বাসক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

উল্লেখ্য যে, বুধবাৰে এলাহবাদ উচ্চ ন্যায়ালয়ে গৰুৰ বৈদিক(Vedic), পৌৰাণিক(mythological), সাংস্কৃতিক গুৰুত্ব(cultural importance) আৰু সামাজিক উপযোগিতা(social utility)ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ৷ ন্যায়ালয়ে কয় যে, গৰুক ভাৰতত মাতৃ হিচাপে গণ্য কৰা হয় ৷ এয়া হিন্দু সকলৰ বাবে এক বিশ্বাসৰ বিষয় ৷ ৰাইজৰ বিশ্বাসক কৰা আঘাতে দেশ এখনক দুৰ্বল কৰি তুলে ৷ ন্যায়ালয়ে আনকি এইবুলিও কয় যে, জিভাৰ সোৱাদে জীৱন কাঢ়ি লোৱাৰ অধিকাৰ নিদিয়ে ৷

লগতে পঢ়ক : মাইকী গৰু-ম'হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.