ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ হাতমোজা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড, 6 জন শ্ৰমিক নিহত

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 10:09 AM IST

(Massive Fire Broke Out In Maharashtra)মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰস্থিত এটা হাতমোজা ফেক্টৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ দেওবাৰে পুৱা সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰায় 6 জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে ৷ আনহাতে 4 জনৰ অৱস্থা সংকটজনক ৷

massive fire brokes out in maharashtra hand glove company
মহাৰাষ্ট্ৰৰ এটা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, 31 ডিচেম্বৰ : দেওবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰত এখন ফেক্টৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ ফলত 6 জনকৈ শ্ৰমিক নিহত হোৱাৰ লগে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 4 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷ ঘটনা অনুসৰি, ছত্ৰপতি সম্ভাজীনগৰৰ ৱালুজ ঔদ্যোগিক এলেকাৰ চি 216 ত থকা এখন হাত মোজা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভিতৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও জানিব পৰা নাই ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে পুৱতি নিশা যেতিয়া জুইৰ সূত্ৰপাত হৈছিল তেতিয়া কেইবাজনো শ্ৰমিক কৰ্মৰত হৈ আছিল আৰু আনকেইবাজনো শ্ৰমিক শুই আছিল ৷ যেতিয়া শুই থকা শ্ৰমিকে গৰম অনুভৱ কৰিছিল তেতিয়া সাৰ পাই ৰুমৰ ভিতৰৰ পৰা বাহিৰলৈ যোৱাৰ চেষ্টা কৰিছিল ৷ কিন্তু জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি প্ৰস্থানৰ দ্বাৰ ঘেৰি ধৰিছিল ৷

কেইবাজনো শ্ৰমিকে ৰুফ তুলি লৈছিল আৰু জখলাৰ সহায়ত বাহিৰলৈ ওলাই আহিছিল । কিন্তু ছয়জন শ্ৰমিক বাহিৰলৈ ওলাই আহিব নোৱাৰিলে । ফলত শ্বাসৰুদ্ধ হৈ তেওঁলোক মৃত্যু হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ নিহত শ্ৰমিক কেইজন ভল্লা শ্বেখ (৬৫), কৌছাৰ শ্বেখ, ইকবাল শ্বেখ মাগাৰুফ শ্বেখ বুলি চিনাক্ত কৰা হৈছে ৷ অৱশ্যে দুজন লোকৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ তেওঁলোক মিৰ্জাপুৰৰ বাসিন্দা আছিল ৷ ঘটনাত আহত কেইজন হ’ল আকবৰ আলী, লাটকুন শ্বেখ, আফ্ৰোজ শ্বেখ, দিলীপ কুমাৰ ৷ আটাইকেইজন বিহাৰৰ মিৰ্জাপুৰৰ ৷ ইফালে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় নিৰ্বাপিত কৰে জুই ৷ ইফালে জুই নিৰ্বাপন কৰিবলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগিছিল।

লগতে পঢ়ক : কৰ্তব্য পথত খেলৰত্ন আৰু অৰ্জুন বঁটা ঘূৰালে বিনেশ ফোগাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.