ETV Bharat / bharat

শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীয়ে যোগদান কৰিলে ভাৰতীয় সেনাত - শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীৰ ভাৰতীয় সেনাত যোগদান

ভাৰতীয় সেনাত যোগদান কৰিলে নৌ সেনা বিষয়া স্বৰ্গীয় ধৰ্মেন্দ্ৰ সিং চৌহানৰ পত্নী কৰুণা চৌহানে ৷ 2021 বৰ্ষৰ 7 জানুৱাৰীত 11 মাহৰ মিলিটাৰী অনুশীলনৰ বাবে চেন্নাইৰ OTAত যোগদান কৰিব কৰুণাই ৷

mp_rat_01_shaheed_wife_pkg_7204864
শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীয়ে যোগদান কৰিলে ভাৰতীয় সেনাত
author img

By

Published : Dec 22, 2020, 8:45 PM IST

নেশ্যনেল ডেস্ক,22 ডিচেম্বৰ: ভাৰতীয় সেনাত যোগদান শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীৰ ৷ নিজৰ স্বামীৰ দৰে ভাৰত মাতৃৰ সেৱাৰ বাবে ভাৰতীয় সেনাত যোগদান কৰিলে নৌ সেনা বিষয়া স্বৰ্গীয় ধৰ্মেন্দ্ৰ সিং চৌহানৰ পত্নী কৰুণা চৌহানে ৷ আগ্ৰাৰ দয়ালবাগ বিশ্ববিদ্যালয়ৰ অধ্যাপক কৰুণাই 2019 বৰ্ষৰ 10 মাৰ্চত স্বৰ্গীয় ধৰ্মেন্দ্ৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷

বিয়াৰ পিছতেই তাৎক্ষণিকভাৱে কৰ্তব্যত যোগদান কৰিছিল ধৰ্মেন্দ্ৰ সিং চৌহানে ৷ আই এন এচ বিক্ৰমাদিত্যত দায়িত্বত থকা ধৰ্মেন্দ্ৰই, কৰ্ণাটক বন্দৰত উপস্থিত হোৱাৰ পূৰ্বে আই এন এচ বিক্ৰমাদিত্যত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱায় ৷ অনাকাংশিতভাৱে বিবাহৰ 40 দিন পিছতেই বিধবাৰ বসন পৰিধান কৰিবলগীয়া হয় কৰুণাই ৷

শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীয়ে যোগদান কৰিলে ভাৰতীয় সেনাত

যদিও কৰুণাই কয় যে, স্বামীৰ মৃত্যুৰ বাতৰিয়ে তেঁওক সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলাইছিল ততাপিও তেওঁ গৌৰৱান্বিত যে তেওঁৰ স্বামীয়ে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছে ৷ এই অনাকাংশিত বাতৰি লাভ কৰা সময়ত স্বামীগৃহত আছিল কৰুণা ৷

প্ৰতিগৰাকী নাৰীৰ দৰে কৰুণাৰো নিজৰ বিয়া আৰু কেৰিয়াৰক লৈ যথেষ্ট সপোন আছিল ৷ ধৰ্মেন্দ্ৰক তেঁও উপযুক্ত জীৱন সংগী হিচাপে লাভ কৰিছিল ৷ কিন্তু হঠাতে সকলো সলনি হৈ যায় ৷ প্ৰথমাৱস্থাত তেঁও সম্পূৰ্ণৰূপে অসহায় অনুভৱ কৰিছিল যদিও ধৰ্মেন্দ্ৰৰ মাতৃ টিনা কুৱৰ চৌহান আৰু পিতৃ কষ্ণ সিং চৌহানে তেখেতক যথেষ্ট সাহয় প্ৰদান কৰে ৷

ভাৰতীয় সেনাত যোগদানৰ ক্ষেত্ৰত তেঁওক অনুপ্ৰেৰণা প্ৰদান কৰা প্ৰথমগৰাকী ব্যক্তিয়ে আছিল ৰতলাম জিলা সৈনিক ৱেলফেয়াৰ সংস্থাৰ প্ৰধান গ্ৰুপ কেপ্টেইন ইৰফান খান ৷ তেঁওৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেঁও আন এগৰাকী ঘৰুৱা বন্ধু কৰ্ণেল নিখিল দেৱানৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে ৷ আৰু নিখিল দেৱানৰ তত্বাৱধানতে এছ এছ বিৰ ইন্টাৰভিউৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে কৰুণাই ৷

কৰুণাই জনায় যে, শ্বহীদ সেনাসকলৰ পত্নীৰ বাবে থকা ‘বীৰ নাৰী’ শাখাৰ বাবে কোনোধৰণৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে ৷ প্ৰ-পত্ৰ পুৰণৰ পিছতে তেঁওক সাক্ষাৎকাৰৰ বাবে মাতি পঠিওৱা হয় ৷

2019 বৰ্ষতো ভাৰতীয় সেনাৰ বাবে আবেদন কৰিছিল কৰুণাই; কিন্তু সফল হ’ব পৰা নাছিল ৷ কিন্তু ইয়াতেই আশা নেহেৰুৱাই কৰুণাই পুনৰ ভাৰতীয় সেনাত আবেদন কৰে আৰু এইবেলি সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত হয় ৷ 2021 বৰ্ষৰ 7 জানুৱাৰীত 11 মাহৰ মিলিটাৰী অনুশীলনৰ বাবে চেন্নাইৰ OTAত যোগদান কৰিব কৰুণাই ৷ নিজৰ বোৱাৰী ভাৰতীয় সেনাত যোগদানক লৈ উৎসাহিত হৈ পৰিছে কৰুণাৰ শহুৰ-শাহুৱেক ৷

লগতে পঢ়ক-আগ্ৰাৰ যমুনা এক্সপ্ৰেছৱেত জীৱন্তে অগ্নিদগ্ধ হয় পাঁচজনকৈ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.