ETV Bharat / bharat

12 বছৰীয়া কন্যাক 35 বছৰীয়া পুৰুষৰ সৈতে বিয়া দিয়াৰ যত্ন পিতৃ-মাতৃৰ

বিবাহ অনুষ্ঠানক জন্মদিনৰ নাম দি 12 বছৰীয়া কন্যা সন্তানক 35 বছৰীয়া পুৰুষৰ সৈতে বিয়া দিয়াৰ অপচেষ্টা চলায় খোদ পিতৃ-মাতৃয়ে (Marriage of 12 Years girl to 35 years man) ৷ ক’ত কেনেকৈ সংঘটিত হৈছে এই ঘটনা জানো আহক ৷

author img

By

Published : May 16, 2022, 7:57 PM IST

marriage-of-12-years-girl-to-35-years-man-in-the-name-of-birthday-in-rangareddy-district-telengana
12 বছৰীয়া কন্যাক 35 বছৰীয়া পুৰুষৰ সৈতে বিয়া দিয়াৰ যত্ন পিতৃ-মাতৃৰ

নেচনেল ডেস্ক, 16 মে’: বাল্য বিবাহ আমাৰ সমাজৰ এক মাৰাত্মক ব্যাধি (Child marriage in Indian society) ৷ আইনৰ দৃষ্টিত অপৰাধ হোৱা স্বত্বেও পিছে দেশৰ ভিন্ন প্ৰান্তত এতিয়াও চলি আছে এই বিবাহ ৷ শেহতীয়াকৈ তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ পাপিৰেড্ডী গুড়া গাঁৱত সংঘটিত এক বাল্য বিবাহৰ ঘটনা ৷ অভিযোগ মতে, ভুক্তভোগী 12 বছৰীয়া কন্যা গৰাকীক তেওঁৰ পিতৃ-মাতৃয়ে এজন 35 বছৰীয়া পুৰুষৰ সৈতে বিয়া দিয়াৰ চেষ্টা চলায় ৷

ঘটনা অনুসৰি, এলাম্মা আৰু গোপাল নামৰ দম্পতীয়ে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰি এক কথাত যাযাবৰী জীৱন কটাইছে ৷ আৰ্থিক দৈন্যতাৰ মাজেৰে জীৱন অতিবাহিত কৰা দম্পত্তিটোৰ আছে এগৰাকী 12 বছৰীয়া কন্যা সন্তান৷ এতিয়া এই কন্যা সন্তানটিকেই ফাৰুক নগৰৰ ভেলিজাৰ্লা গাঁৱৰ বাসিন্দা এজন 35 বছৰীয়া পুৰুষলৈ বিয়া দিয়াৰ চেষ্টা কৰে এলাম্মা আৰু গোপালে ৷

নিজ কন্যাৰ বিবাহ অনুষ্ঠানটোক জন্মদিনৰ আখ্যা দি পিতৃ-মাতৃয়ে গোপনে সকলো কাম সম্পন্ন কৰাৰ প্ৰচেষ্টা চলায় ৷ পিছে এই বিয়াত বহাৰ বাবে অসন্মত হোৱা ছোৱালীজনীয়ে গাওঁবাসী আৰু আইচিডিএছ কৰ্মচাৰীসকলক তথ্য দিয়াৰ পিছত ঘটনাটো পোহৰলৈ আহে ।

ইয়াৰ পিছত ছোৱালীজনীৰ পৰিয়ালে সকলোৰে সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় যদিও এজন আইচিডিএছ বিষয়াই আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এটা গোচৰ দাখিল কৰে । অৱশেষত, আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰে আৰু তাইক ৰাজ্যিক গৃহলৈ প্ৰেৰণ কৰে । সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে ।

লগতে পঢ়ক : China threat in Border : ভাৰতীয় সেনাৰ ষষ্ঠ ডিভিজনক উত্তৰ-পূৰ্বাঞ্চললৈ স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.